অসম

assam

সুশান্ত বৰগোঁহায়েই হ'ব থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী

By

Published : Sep 13, 2021, 9:54 PM IST

minister-pijush-hazarika-declared-the-name-of-the-candidate-of-thaora-constituency
সুশান্ত বৰগোহাঁয়েই হ'ব থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ()

সুশান্ত বৰগোঁহায়ে হ'ব থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৷ থাওৰাত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই কৰিলে এই ঘোষণা ৷

মৰাণ, 13 ছেপ্টেম্বৰ :কংগ্ৰেছ মুক্ত অসম গঢ়ি তোলাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে শাসক দল বিজেপিয়ে । থাওৰাৰ কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহাইক বিজেপিত যোগদান কৰোৱাই পুনৰ বিজেপি প্ৰাৰ্থী দিয়াটো নিশ্চিত কৰিছে বিজেপিয়ে । প্ৰথম অৱস্থাত সুশান্ত বৰগোঁহাইক বিজেপি দলৰ প্ৰাৰ্থীত্ব দিয়াৰ ক্ষেত্ৰত থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ লগতে বিজেপি কৰ্মী সকলে বিৰোধিতা কৰিছিল যদিও অৱশেষত নিশ্চিত হ'ল থাওৰা সমষ্টিৰ উপ-নিবাৰ্চনৰ বিজেপি দলৰ প্ৰাৰ্থী হ'ব সুশান্ত বৰগোঁহাই ।

সুশান্ত বৰগোহাঁয়েই হ'ব থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী

থাওৰাৰ এক সভাত অংশগ্ৰহণ কৰিবলৈ গৈ কাষত প্ৰাক্তন বিজেপি বিধায়ক কুশল দুৱৰীক লৈ বিজেপি দলৰ প্ৰতাপী মন্ত্ৰী পীযুষ হাজৰিকাই ঘোষণা কৰিলে যে থাওৰা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী হ'ব সুশান্ত বৰগোঁহাই । মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, সুশান্ত বৰগোঁহাইক প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত কুশল দুৱৰীৰ এতিয়া কোনো ধৰণৰ বিৰোধিতা নাই ।

তেওঁ নিজৰ ৰাজনৈতিক ভবিষ্যতৰ বিষয়ত মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক নেতৃত্বৰ লগত ইতিমধ্যে আলোচনা কৰিছে বুলিও কয় মন্ত্ৰী হাজৰিকাই । সুশান্ত বৰগোঁহাই আৰু কুশল দুৱৰী এক হৈ এইবাৰ থাওৰাত ভোটৰ ক্ষেত্ৰত ৰেকৰ্ড কৰিব বুলিও কয় মন্ত্ৰী পীযুষ হাজৰিকাই ।

ইফালে, শেহতীয়াকৈ সুশান্ত বৰগোঁহায়েও কুশল দুৱৰীৰ সৈতে একে লগে কাম কৰি পূৰ্বতকৈ বহুত বেছি ভোট পোৱাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰিছে ৷ সাংবাদিকৰ আগত মুখামুখি হৈ টিকট প্ৰত্যাশী সুশান্ত বৰগোঁহায়ে বিধায়ক অখিল গগৈকো সমালোচনা কৰি কয় যে, থাওৰাত ৰাইজৰ দল কেতিয়াও ফেক্টৰ হ’ব নোৱাৰে । অখিল গগৈয়ে নিৰ্দলীয় বিধায়ক হৈও অসমৰ মুখ্যমন্ত্ৰী হ’ব বিচাৰে ৷
লগতে পঢ়ক :গুৱাহাটী উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন

ABOUT THE AUTHOR

...view details