অসম

assam

Independence Day boycott: স্বাধীনতা দিৱস বৰ্জন শিৱসাগৰৰ মুক্তি যুঁজাৰু সন্মিলনীৰ

By

Published : Aug 16, 2023, 5:22 PM IST

জিলাখনৰ ১৮ গৰাকীকৈ মুক্তি যুঁজাৰুৱে স্বাধীনতা দিৱস বৰ্জন কৰাক লৈ শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়া ৷ শিৱসাগৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে অৱহেলা-অপমানৰ বিস্ফোৰক অভিযোগ সন্মিলনীৰ ৷ জিলা প্ৰশাসনৰ ভূমিকাত ক্ষুন্ন শিৱসাগৰৰ মুক্তি যুঁজাৰু সন্মিলনী ৷

Independence Day boycott
স্বাধীনতা দিৱস বৰ্জন শিৱসাগৰৰ মুক্তি যুঁজাৰু সন্মিলনীৰ

স্বাধীনতা দিৱস বৰ্জন শিৱসাগৰৰ মুক্তি যুঁজাৰু সন্মিলনীৰ

শিৱসাগৰ, ১৬ আগষ্ট:মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত বগা বঙালক অহিংস আন্দোলনেৰে খেদি দেশত স্বৰাজ প্ৰতিষ্ঠাৰ বাবে চৰম আত্মত্যাগ-বলিদান আগবঢ়োৱা মুক্তি যুঁজাৰুসকলে শিৱসাগৰত ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী বৰ্জন কৰাৰ ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে । যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা সংগ্ৰামীসকলক যথাবিহিত সন্মান প্ৰদানৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে সেই সময়তেই শিৱসাগৰ জিলা আয়ুক্তৰ পৰা লাভ কৰা চূড়ান্ত অৱহেলাত ক্ষোভিত হৈ জিলাখনৰ জীৱিত ১৮ গৰাকীকৈ নব্বৈ উৰ্ধৰ স্বাধীনতা সংগ্ৰামীয়ে শিৱসাগৰ জিলা প্ৰশাসনে বৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰা ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্য্যসূচী বৰ্জন কৰে ৷

স্বৰাজ প্ৰতিষ্ঠাৰ বাবে জীৱনৰ সোণালী সময় ত্যাগ কৰা এইসকল লোকক আজিৰ স্বাধীন দেশৰ প্ৰশাসনিক ব্যৱস্থাই উপহাৰস্বৰূপে প্ৰদান কৰা অপমান-উপেক্ষাত ক্ষোভিত হৈ পৰিছে এইসকল মুক্তিযোদ্ধা । আনহে নালাগে শিৱসাগৰ জিলা মুক্তি যুঁজাৰুসকলে এই বিষয়ত ৰাজ্য চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে । স্বাধীনতা দিৱসত অংশগ্ৰহণৰ পৰা বিৰত থকা এইসকল মুক্তি যুঁজাৰুৱে বুধবাৰে সংবাদ মাধ্যমৰ আগত কান্দি কান্দি নিজৰ দুখ প্ৰকাশ কৰে । শিৱসাগৰ জিলা প্ৰশাসনৰ এই নিন্দনীয় কাৰ্যত চৰমভাৱে অপমানিত হোৱা ৯৭ বছৰীয়া খনিৰাম মিলিয়ে সংবাদ মাধ্যমৰ সন্মুখতেই হুকহুকাই কান্দি নিজৰ ক্ষোভ প্ৰকাশ কৰাৰ ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে ৷

এই সন্দৰ্ভত শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্মিলনীৰ সাধাৰণ সম্পাদক তথা ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক ধীৰেন চেতিয়াই সংবাদ মাধ্যমৰ সন্মুখত উত্থাপন কৰিছে বিস্তৃত অভিযোগ । যোৱা জুন মাহৰ ১৫ তাৰিখে গুৱাহাটী ৰূপনগৰস্থিত স্বতন্ত্ৰ ভৱনত শ্বহীদ কুশল কোঁৱৰৰ ৮০ সংখ্যক মৃত্যু দিৱস উপলক্ষে ভাৰতৰ ২৩ খন ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হৈছিল ৷ এই গুৰুত্বপূৰ্ণ সভাখন আয়োজন কৰিছিল অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলন আৰু ৰাজ্য চৰকাৰৰ যুটীয়া সহযোগত গৃহ আৰু ৰাজনৈতিক বিভাগে ৷ সভাখনৰ তদাৰকৰ দায়িত্বত আছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ যিখন সভাত দেশৰ ২৩ খন ৰাজ্যৰ সৰ্বমুঠ ১৫০ গৰাকী মুক্তি যুঁজাৰু আৰু পৰিয়ালবৰ্গ উপস্থিত আছিল ৷

ৰাজ্যৰ বৰেণ্য জ্যেষ্ঠ ১০ গৰাকীকৈ মুক্তি যোদ্ধাক গুৱাহাটীৰ পঞ্চতাৰকা যুক্ত হোটেল তাজ ডিভান্টাত থকাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে ৷ ৰাজ্যৰ আন জিলাৰ লগতে শিৱসাগৰ জিলাৰ আয়ুক্তলৈ এই ক্ষেত্ৰত মুক্তি যুঁজাৰুসকলক গুৱাহাটীলৈ অহা-যোৱাৰ ক্ষেত্ৰত পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ লগতে এগৰাকীকৈ ন’ডেল অফিচাৰ নিয়োগ কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ এই নিৰ্দেশনাৰ ভিত্তিতেই উক্ত সন্মিলনত অংশগ্ৰহণৰ বাবে পাঁচগৰাকীকৈ মুক্তি যোদ্ধা আৰু ৪ গৰাকীকৈ সন্মিলনীৰ কৰ্মকৰ্তাই গুৱাহাটীলৈ যাবৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰে ৷ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে দেশত স্বৰাজ প্ৰতিষ্ঠা কৰা এইসকল নব্বৈ উৰ্ধৰ স্বাধীনতা সংগ্ৰামীক চৰমভাৱে অপমানিত কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ে গাড়ী, ন'ডেল অফিচাৰ আদি কোনো সুবিধাই উপলব্ধ নকৰালে ৷ যাৰ বাবে ক্ষোভ-লাজ-অপমানে জৰ্জৰিত নব্বৈ উৰ্ধৰ এইসকল মুক্তি যুঁজাৰুৱে নৈশ বাছত গুৱাহাটীলৈ যাত্ৰা কৰিবলগীয়া হ’ল ৷

চূড়ান্ত দুৰ্গতিৰ মাজেৰে নব্বৈ উৰ্ধৰ মুক্তি যুঁজাৰুকেইগৰাকীয়ে এই উৎকট গৰমত ১৫ জুনৰ গুৱাহাটীৰ সভাত অংশগ্ৰহণ কৰি পুনৰ নৈশ বাছেৰে শিৱসাগৰলৈ উভতি অহাৰ সময়ত নৈশ বাছত অসুস্থ হৈ পৰাৰ লগতে এগৰাকী ৯৮ বছৰীয়া মুক্তি যোদ্ধাৰ কাপোৰে কানিয়ে প্ৰসাৱ হৈ যোৱাৰ দৰে চৰম মৰ্মান্তিক ঘটনাও সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে জিলা মুক্তি যুঁজাৰু সন্মিলনীয়ে ৷ ইফালে যোৱা ৯ আগষ্টত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন শীৰ্ষক কাৰ্যসূচীত শিৱসাগৰ জিলা মুক্তি যোদ্ধা সন্মিলনীৰ কাৰ্যালয়ত আয়োজিত হোৱাৰ দিনাই আগন্তক ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইয়াৰ পিছতেই ১১ আগষ্টৰ দিনা জিলা মুক্তি যুঁজাৰু সন্মিলনীয়ে জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনোৱা সকলো ধৰণৰ নিমন্ত্ৰণী পত্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ঘূৰাই দি ১৫ আগষ্টৰ কেন্দ্ৰীয় কাৰ্যসূচী সম্পূৰ্ণৰূপে বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

আচৰিত ধৰণে দেশ স্বাধীনতাৰ ৭৭ তম বৰ্ষপূৰ্তিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত স্বাধীনতা দিৱসত স্বাধীনতা আজুৰি অনা চিৰ নমস্য মুক্তি যুঁজাৰুসকল সম্পূৰ্ণৰূপে অনুপস্থিত থকাৰ দৰে চৰম দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ’ল ৷ যি ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যখনতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে এই ভয়ংকৰ নিন্দনীয় কাৰ্যৰ লগত জড়িত প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী জনোৱাৰ লগতে এক নিৰপেক্ষ তদন্তৰো দাবী উত্থাপন কৰিছে ৷ উল্লেখ কৰাৰ প্ৰয়োজন যে, স্বৰাজ প্ৰতিষ্ঠা কৰা মুক্তি যুঁজাৰুৰ অনুপস্থিতিত কেন্দ্ৰীয় কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰা জিলা আয়ুক্ত গৰাকীয়ে মুক্তি যোদ্ধাসকলৰ অনুপস্থিত কিঞ্চিত অনুধাৱন কৰিব নোৱাৰাৰ ঘটনাই কাৰ্যত প্ৰশাসনিক বৰমূৰীয়াৰ অহং মনোভাৱহে প্ৰকট কৰি তুলিছে বুলি সৰৱ চৰ্চা চলিছে শিৱসাগৰত ।

লগতে পঢ়ক:77th independence day: শিৱসাগৰত পতাকা উত্তোলন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ABOUT THE AUTHOR

...view details