শিৱসাগৰ, 26 ফেব্ৰুৱাৰী :সৰ্ব ভাৰতীয় ব্যৱসায়ী সংঘই(CAIT) আহ্বান জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গ'ল শিবসাগৰতো ৷ উল্লেখ্য যে, GSTৰ সংশোধনৰ বাবে সংঘই বহু দিনৰ পৰা কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছে ৷
চৰকাৰে এই দাবী সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰায় ৪০,০০০ ব্যৱসায়িক সংস্থা জড়িত হৈ থকা সৰ্ব ভাৰতীয় ব্যৱসায়ী সংঘই আজি ভাৰত বন্ধৰ আহ্বান জনািছিল । এই বন্ধৰ সময়ছোৱাত শিৱসাগৰ নগৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠান, ৰাজহুৱা পৰিবহণ, ব্যক্তিগত যান-বাহন আদিৰ চলাচল বন্ধ হৈ পৰা দেখা যায় ৷
লগতে পঢ়ক: 27 মাৰ্চৰ পৰা তিনিটা পৰ্যায়ত ৰাজ্যৰ বিধানসভা নিৰ্বাচন : 2 মে'ত ভোটগণনা