অসম

assam

Child killing: শিৱসাগৰত বন শিশুক হত্যা কৰাক লৈ তীব্ৰ উত্তেজনা

By

Published : Jul 21, 2022, 12:14 PM IST

Updated : Jul 21, 2022, 1:02 PM IST

brutal killing of child in sivsagar
Child Murder: শিৱসাগৰত বন শিশুক হত্যা কৰাক লৈ তীব্ৰ উত্তেজনা

যি সময়ত শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে সেইসময়তে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা । শিৱসাগৰত এটি বনকৰা কন্যা শিশুক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে(Five-year-old child murdered in Sivsagar) । পাঁচ বছৰীয়া কন্যা শিশুটিক হত্য়া কৰাৰ অভিযোগত এক উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে শিৱসাগৰত ।

শিৱসাগৰ,২১ জুলাই: শিৱসাগৰত সংঘটিত এক চাঞ্চল্য়কৰ ঘটনা । পাঁচ বছৰীয়া বনকৰা শিশুক হত্যা কৰাৰ ঘটনাক লৈ বিৰাজ কৰিছে উত্তেজনাময় পৰিস্থিতিৰ(Five-year-old child murdered in Sivsagar) । ভানু নামৰ পাঁচ বছৰীয়া দেৱ শিশুটিক হত্যা কৰাক লৈ সৃষ্টি হয় এই উত্তেজনা ৷

শিৱসাগৰত বন শিশুক হত্যা কৰাক লৈ তীব্ৰ উত্তেজনা

ঘটনাৰ বিৱৰণী অনুসৰি তিতাবৰৰ নিৱাসী পাঁচ বছৰীয়া কন্যা শিশুটিক বিদ্যালয়ত নাম ভৰ্তি কৰাই দিম বুলি চুনপুৰাৰ নিৱাসী বিতোপন ঢ়েকীয়াল ফুকনে নিজৰ ঘৰলৈ আনিছিল ৷ প্ৰায় বিশ দিনৰ পূৰ্বেহে নিজৰ ঘৰলৈ অনা কন্যা শিশুটিক বিতোপন আৰু পত্নী পৰীস্মীতাই ঘৰত বন কৰা কামত নিয়োগ কৰিছিল ৷ কিন্তু এই কাৰ্য্য কৰিবলৈ অমান্তি হোৱা শিশুটিক বিগত তিনিনিদনৰ পৰা নিৰ্মম অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷

তিনিদিন ধৰি চলাই অহা নিৰ্মম অত্যাচাৰৰ ফলত অৱশ হৈ পৰে শিশুটি । যাৰবাবে তিনিদিন পাছতহে শিশুটিক চিকিৎসালয়লৈ আনিবলৈ সময় হ'ল বিতোপন ঢেকীয়াল ফুকনৰ । চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতো মিছা মাতে ফুকনে । চিকিৎসকৰ ওচৰত খটখটীৰ পৰা পৰি দূখ পোৱা বুলি মিছা তথ্যৰে ভৰ্তি কৰোৱাৰ পিছতেই মৃত্যু হৈছিল শিশুটিৰ । কিন্তু শিশুটিৰ সৰ্বশৰীৰত আঘাত স্পষ্টৰূপে দেখাৰ পাছতেই উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷

উত্তেজিত ৰাইজে ঘাতক দম্পতীক আক্ৰমণ কৰিবলৈ উদ্যত হয় বুলি জানিব পৰা গৈছে ৷ ক্ষোভিত ৰাইজে ফাঁচীৰ দাবীত উত্তাল কৰি তোলে চিকিৎসালয়ৰ চৌহদ ৷ অৱশেষত আৰক্ষীয়ে জনতাৰ ৰোষৰ পৰা ঘাতক দম্পতীক উদ্ধাৰ কৰি নিজৰ জিম্মাত লয় ৷ পূৰ্বতেও বিতোপন ঢ়েকীয়াল ফুকনৰ বিৰুদ্ধে এক হত্যাকাণ্ডৰ গোচৰ থকা বুলি তথ্য লাভ কৰা হৈছে ।

লগতে পঢ়ক:Pankaj Pathak Arrested: হাতীগাঁও থানাত জেৰা অব্যাহত পংকজ পাঠকৰ

Last Updated :Jul 21, 2022, 1:02 PM IST

ABOUT THE AUTHOR

...view details