অসম

assam

Mob Lynching in Jorhat : শোক প্ৰকাশ শিৱসাগৰ আঞ্চলিক ছাত্র সন্থাৰ লগতে কেইবাটাও সংগঠনৰ

By

Published : Nov 30, 2021, 10:20 PM IST

অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ ঘটনাক লৈ শিৱসাগৰত দল-সংগঠনৰ শোক প্ৰকাশ ৷ আছুৰ শিৱসাগৰ কাৰ্যালয়ত বন্তি প্ৰজ্বলন কৰি অনিমেষ ভূঞাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিৱসাগৰ আঞ্চলিক ছাত্র সন্থাই(Tribute to Animesh Bhuyan) ৷

Pays Tribute to Late Animesh Bhuyan
শোক প্ৰকাশ শিৱসাগৰ আঞ্চলিক ছাত্র সন্থাৰ লগতে কেইবাটাও সংগঠনৰ

শিৱসাগৰ, 30 নৱেম্বৰ :সমগ্র ৰাজ্য কপাই যোৱা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিৱসাগৰ আঞ্চলিক ছাত্র সন্থাই(Tribute to Late Animesh Bhuyan in Sivasagar) ৷ সোমবাৰে যোৰহাট নগৰৰ মাজমজিয়াতে মৰিয়াই মৰিয়াই হত্যা কৰা হ'ল আছু নেতা অনিমেষ ভূঞাক(Mob Lynching in Jorhat) ৷

মঙলবাৰে সন্ধিয়া শিৱসাগৰ জিলা আছুৰ মুখ্য কাৰ্যালয়ত বন্তি প্ৰজ্বলন কৰি আছু কৰ্মী সকলে সতীৰ্থ ছাত্র নেতা জনৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে আন দুজন গুৰুতৰ ভাৱে আহত যুৱকৰো আশু আৰোগ্য কামনা কৰে । ইয়াৰ লগতে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈ চৰকাৰক অনুৰোধ জনাই শিৱসাগৰ জিলা আঞ্চলিক ছাত্ৰ সন্থাই(Sivsagar Students Union) ।

শোক প্ৰকাশ শিৱসাগৰ আঞ্চলিক ছাত্র সন্থাৰ লগতে কেইবাটাও সংগঠনৰ

ইফালে, বৰ্বৰ হত্যাকাণ্ডটোক তীব্ৰ ভাষাৰে গৰিহনা দিছে সদৌ টাই আহোম ছাত্ৰ সন্থা(All Tai Ahom Student Union) আৰু সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই(All Koch Rajbongshi Students Union) ৷ দুয়োটা সংগঠনৰ বিষয়ববীয়াই কয়, যোৰহাটৰ দৰে এখন সংস্কৃতিবান জিলাত এনে ঘটনা সংঘটিত হোৱাটো একেবাৰে দুৰ্ভাগ্যজনক ৷ ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তিৰ বিহাৰ বাবে দাবী জনাই সংগঠন দুটাৰ বিষয়ববীয়াই ৷

লগতে পঢ়ক : Mob Lynching in Jorhat : অনিমেষৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী বিজেপি যুৱ মৰ্চাৰ

ABOUT THE AUTHOR

...view details