ETV Bharat / state

Mob Lynching in Jorhat : অনিমেষৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী বিজেপি যুৱ মৰ্চাৰ

author img

By

Published : Nov 30, 2021, 6:47 PM IST

"যােৰহাটৰ দৰে এখন সংস্কৃতিবান, ঐতিহ্যমণ্ডিত চহৰত এনে অমানৱীয় ঘটনা সংঘটিত হােৱাটো অতি দুভার্গ্যজনক । এয়া মানৱীয়তাৰ হত্যা । এজন নির্দোষী, সৎ যুৱকক বিনা কাৰণত হত্যা কৰাটো কোনাে কাৰণতে গ্রহণযােগ্য হ'ব নােৱাৰে ।" এই প্ৰতিক্ৰিয়া বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ(Reaction of Bjp State Yuva Morcha) ৷

Mob Lynching in Jorhat
অনিমেষৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী বিজেপি যুৱ মৰ্চাৰ

গুৱাহাটী, ৩০ নৱেম্বৰ : যােৰহাট চহৰৰ মাজমজিয়াৰ নির্মল চাৰিআলিত সােমবাৰে অনিমেষ ভূঞা নামৰ এজন যুৱকক বৰ্বৰভাৱে হত্যা কৰা হ'ল (Mob Lynching in Jorhat)। এই বৰ্বৰ ঘটনাকলৈ যোৰহাট জিলা উত্তাল হৈ থকাৰ লগতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সকলোৱে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ।

এজন নিৰীহ যুৱকক বৰ্বৰভাৱে হত্যা কৰা ঘটনাকলৈ বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চা(Yuva Morcha of Assam state Bjp)ই গভীৰ শােক প্রকাশ কৰাৰ লগতে এই ঘটনাক তীব্র ভাষাৰে গৰিহণা দিছে । বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি কয় যে, যােৰহাটৰ দৰে এখন সংস্কৃতিবান, ঐতিহ্যমণ্ডিত চহৰত এনে অমানৱীয় ঘটনা সংঘটিত হােৱাটো অতি দুভার্গ্যজনক ।

অনিমেষৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী বিজেপি যুৱ মৰ্চাৰ

উদীয়মান যুৱক অনিমেষৰ ভূঞা(Emerging student leader Animesh Bhunya)ৰ মৃত্যুত ভাৰতীয় জনতা যুৱ মৰ্চা(Bharatiya Janata Yuva Morcha)ৰ সকলাে কার্যকর্তা মর্মাহত হৈছে । এয়া মানৱীয়তাৰ হত্যা বুলি তেওঁ উল্লেখ কৰে বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি গৰাকীয়ে । এজন নির্দোষী, সৎ যুৱকক বিনা কাৰণত হত্যা কৰাটো কোনাে কাৰণতে গ্রহণযােগ্য হ'ব নােৱাৰে বুলি উল্লেখ কৰি তেওঁ হত্যাকাৰীসকল যাতে কোনাে কাৰণতে সাৰি যাব নােৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰলৈ আহ্বান জনায় (Demands Punishment of Animesh killer)।

লগতে পঢ়ক : Mob lynching in Jorhat : আছু নেতাৰ নিগ্ৰহৰ পিছত কি ক’লে লুৰীণ জ্যোতিয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.