অসম

assam

মাজুলীৰ আউনীআটী সত্ৰৰ পৰা স্বৰ্ণপদক লাভ কৰিলে নলবাৰীৰ দুই মেধাৱী ছাত্ৰীয়ে

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 10:45 PM IST

পূৱ নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে দুই মেধাৱী ছাত্ৰীয়ে । মাজুলীৰ আউনীআটী সত্ৰৰ পৰা স্বৰ্ণপদক লাভ দুই মেধাবী ছাত্ৰীৰ ।

Received Award From Auniati Satra
নলবাৰীৰ দুই মেধাৱী ছাত্ৰীক আউনীআটী সত্ৰৰ বঁটা প্ৰদান

নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে দুই মেধাৱী ছাত্ৰীয়ে

নলবাৰী, 18 নৱেম্বৰ : হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঐচ্ছিক সংস্কৃত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰা পূৱ নলবাৰীৰ দুই মেধাৱী ছাত্ৰীলৈ শ্ৰীশ্ৰী গোবিন্দ স্বৰ্ণপদক বঁটা প্ৰদান ৷ মাজুলীৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰই দুয়োগৰাকী মেধাৱী ছাত্ৰীক প্ৰদান কৰিলে এই বঁটা ৷ ছাত্ৰী দুগৰাকীৰ কৃতিত্বক লৈ উৎফুল্লিত নলবাৰীৰ ৰাইজ ৷

ঘোষণা কৰা 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৱ নলবাৰীস্থিত পূৰ্বৰ মানৱ শক্তি জাতীয় বিদ্যালয় তথা বৰ্তমান জ্ঞানজ্যোতি একাডেমীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ঐচ্ছিক বিষয় সংস্কৃতত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰি পূৱ নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছিল দুগৰাকী কৃতি ছাত্ৰী ক্ৰমে- হৃতিকা ডেকা আৰু চনম কলিতাই ৷

সংস্কৃত বিষয়টোত থকা দখলৰ বাবে উৎসাহ তথা উদ্দীপনা দিয়াৰ উদ্দেশ্যে মাজুলীৰ আউনীআটী সত্ৰৰ তৰফৰ পৰা মেধাৱী ছাত্ৰী দুগৰাকীক প্ৰদান কৰা হয় শ্ৰীশ্ৰী গোবিন্দ স্বৰ্ণপদক বঁটা ৷ সত্ৰ নগৰী মাজুলীত যোৱা 16 নৱেম্বৰত ছাত্ৰী দুয়োগৰাকী ছাত্ৰীক শ্ৰীশ্ৰী গোবিন্দ স্বৰ্ণপদক বঁটা প্ৰদান কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে ৷ বটাঁটোত আছে এডাল সোণৰ চেইন, এখন গামোচা, এখন চেলেং, এখন মানপত্ৰ, এটা কিতাপৰ টোপোলা আৰু এটা ধনৰ টোপোলা ৷

বঁটা প্ৰদান কৰি সত্ৰাধিকাৰজনে দেৱ ভাষা সংস্কৃত বিষয়টোত কৃতিত্ব অৰ্জনৰ বাবে ছাত্ৰী দুগৰাকীক অভিনন্দন জনোৱাৰ লগতে সংস্কৃত ভাষাৰ চৰ্চা অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে পূৱ নলবাৰীৰ অতুল ডেকা আৰু তুলিকা ডেকাৰ কন্যা হৃতিকা ডেকা আৰু হেমন্ত কলিতা আৰু জুনু কলিতাৰ কন্যা চনম কলিতাৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ পূৱ নলবাৰীবাসী ৰাইজ ৷

লগতে পঢ়ক :ভৌগোলিক স্বীকৃতি লাভৰ দিশে মাজুলীৰ মুখাশিল্প

ABOUT THE AUTHOR

...view details