কলগাছিয়া,২২ অক্টোবৰ:এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ কলগাছিয়াত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । পুনৰ যৌতুকৰ বাবেই এগৰাকী বোৱাৰীক হত্যা কৰাৰ সন্দেহ । বোৱাৰীগৰাকীৰ অস্বাভাৱিক মৃত্যুত স্বামীৰ পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ বোৱাৰীগৰাকীৰ পিতৃৰ পৰিয়ালৰ(Suspected murder in Kalgachia) ।
জানিব পৰা মতে নলবাৰী জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত হাবলাখা গাঁৱত এগৰাকী বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া ঘটনাই তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে । ঘটনাৰ বিবৰণী অনুসৰি, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱৰ আছিৰ উদ্দিন খানৰ কন্যা খানম আৰিফা ইয়াচমিন নলবাৰী জিলাৰ হাজো আৰক্ষী থানাৰ হাবলাখা গাঁৱৰ ইন্তাজ আলীৰ পুত্ৰ ফজল হকৰ লগত সামাজিক নিয়ম অনুসৰি বিবাহপাশত আৱদ্ধ হৈছিল ।
কিন্তু বিয়াৰ পিছৰে পৰাই স্বামী গৃহই যৌতুক বিচাৰি নানা অত্যাচাৰ চলাই অহা বুলি অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ পিতৃৰ পৰিয়ালৰ লোকে(Torture over dowry demand) । পূৰ্বৰে পৰা নানান অত্যাচাৰ চলাই অহা স্বামী ফজল হক তথা পৰিয়ালৰ লোকে বৃহস্পতিবাৰে দিনৰ ভাগত হঠাতে আৰিফা ইয়াচমিনৰ স্বামী গৃহতে মৃত্যু হোৱা বুলি খবৰ দিয়াত পিতৃ আছিৰ উদ্দিন খানে উপস্থিত হয় ফজল হকৰ বাসগৃহত ।