অসম

assam

89th Raas Celebration: নলবাৰীত ৰাস মহোৎসৱ উপভোগ কৰিব বলীউড অভিনেত্ৰী হেমা মালিনীয়ে

By

Published : Oct 30, 2022, 9:48 PM IST

7 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ 13 দিনীয়া কাৰ্যসূচীৰে নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত আৰম্ভ হ'ব ৰাস মহোৎসৱ (Nalbari Raas Mahotsav to be held on 7 November ) । এইবাৰ বলীউড অভিনেত্ৰী হেমা মালিনীয়ে উপভোগ কৰিব নলবাৰী ৰাস মহোৎসৱ ৷

Hema Malini may Visit Nalbari During the 89th Raas Celebration in Hari Mandir
নলবাৰী ৰাস মহোৎসৱত উপস্থিত থাকিব বলীউড অভিনেত্ৰী হেমা মালিনী

নলবাৰী: ৩০ অক্টোবৰ:এইবেলি 7 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ 13 দিনীয়া কাৰ্যসূচীৰে নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত আৰম্ভ হ'ব ৰাস মহোৎসৱ (Nalbari Raas Mahotsav to be held on 7 November ) । 1933 চনৰ পৰা আৰম্ভ হোৱা ৰাস মহোৎসৱে এইবাৰ 89 বৰ্ষত ভৰি দিছে (89th Nalbari Raas Mahotsav) ।

এই ৰাস মহোৎসৱ উপলক্ষে দেওবাৰে অনুষ্ঠিত হোৱা (89th Raas Celebration in Hari Mandir) এখন সংবাদমেলত মন্ত্ৰী তথা নলবাৰী ৰাস মহোৎসৱৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah) ৰাস মহোৎসৱৰ কাৰ্যসূচী সম্পৰ্কে সদৰি কৰে ৷

আগন্তুক ৭ নৱেম্বৰত ৰাস মহোৎসৱ উদ্বোধন কৰিব বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ গোস্বামীয়ে ৷ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী পীযুষ হাজৰিকা (Minister Piyush Hazarika ) ৷ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (Gordon High School) খেলপথাৰৰ পৰা হ’ব বিশাল সাংস্কৃতিক সমদল ৷ এইবাৰ নলবাৰীৰ ৰাসত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ জীৱন্ত ৰাস,মথুৰা বৃন্দাবনৰ ৰাস, গুজৰাটৰ দাণ্ডিয়া ৰাস ,মণিপুৰৰ বসন্ত ৰাস প্ৰদৰ্শন কৰা হ’ব ।

৮ নৱেম্বৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুই (Minister Ranoj Pegu) উদ্বোধন কৰিব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা ৷ আনহাতে মন্ত্ৰী বিমল বৰাই বাণিজ্য মেলা আৰু অভিনেতা যতীন বৰাই ষ্টলসমূহ উদ্বোধন কৰিব । এইবাৰ ৰাসত নাগাৰা আৰু দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হ‘ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

নলবাৰী ৰাস মহোৎসৱত উপস্থিত থাকিব বলীউড অভিনেত্ৰী হেমা মালিনী

এই নাগাৰা আৰু দিহা নাম প্ৰতিযোগিতাত শ্ৰেষ্ঠ হোৱা দলটোক নগদ 50 হাজাৰ টকা পুৰস্কাৰ প্ৰদান কৰা হ’ব । এইবাৰ নলবাৰীত মৃণ্ময় ৰাসৰ লগতে জীৱন্ত ৰাসৰ কাৰ্যসূচী গণেশ মন্দিৰৰ পৰাই আৰম্ভ হ’ব ৷ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত ৰাসমেলাৰ আয়োজন কৰা হৈছে ৷ একেদৰে অসম ট্ৰেড প্ৰমোৰ বাণিজ্য মেলা , খাদ্য মেলা, আত্মসহায়ক গোটৰ মেলা, হস্ত তাঁত মেলা, কৃষি, পশু ,আদিৰো প্ৰদৰ্শনী অনুষ্ঠিত কৰা হ’ব এইবাৰৰ ৰাস মহোৎসৱত ৷

আনহাতে এইবাৰ নলবাৰী ৰাস হ’ব প্লাষ্টিক মুক্ত বুলি জনায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । নলবাৰীৰ ৰাসত ব্যৱহাৰ কৰিব নোৱাৰিব প্লাষ্টিক ৷ ইয়াৰ বিপৰীতে সমিতিৰ পৰা কাগজৰ বেগ বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব । একেদৰে হৰিমন্দিৰ প্ৰাংগণত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । সেইদৰে নলবাৰীৰ সুৰাৰ বিপনীসমূহ ৰাসৰ সময়ত অৰ্থাৎ নিশা ৮ বজাতে বন্ধ কৰা হ’ব বুলিও ঘোষণা কৰে নলবাৰী ৰাস মহোৎসৱৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই ।

নলবাৰীৰ ৰাস মহোৎসৱত এইবাৰ ৭ খন ভ্ৰাম্যমাণ থিয়েটাৰে প্ৰদৰ্শন কৰিব নাট । ভ্ৰাম্যমাণ থিয়েটাৰৰ মাজত হ’ব নাট প্ৰতিযোগিতা আৰু তিনিটাকৈ বঁটা প্ৰদান কৰা হ’ব নাট্যদলক । সমান্তৰালকৈ প্ৰদান কৰা হ’ব শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী বঁটা । ১৪ নৱেম্বৰত অসমৰ জীৱন্ত ৰাস উদ্বোধন কৰিব বলিউডৰ মোহময়ী অভিনেত্ৰী হেমা মালিনীয়ে (Hema Malini may Visit Nalbari) আৰু এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা হ’ব মুখ্য অতিথি।

প্ৰায় এক কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা নলবাৰীৰ ৰাস মহোৎসৱত প্ৰায় পোন্ধৰ লাখ দৰ্শনাৰ্থীৰ সমাবেশ হ’ব বুলিও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেলত আশা ব্যক্ত কৰে ।

লগতে পঢ়ক:Munin Barkotoki Literary Award : উপাসনা শ‍ইকীয়ালৈ ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা

ABOUT THE AUTHOR

...view details