Munin Barkotoki Literary Award : উপাসনা শ‍ইকীয়ালৈ ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা

author img

By

Published : Oct 30, 2022, 5:28 PM IST

Updated : Oct 30, 2022, 10:48 PM IST

Munin Barkotoki Literary Award

প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ কাহিনীকাৰ উপাসনা শ‍ইকীয়ালৈ আগবঢ়োৱা হৈছে 2022 বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা ৷ ’হালধীয়া জোতা' শীর্ষক চুটিগল্পৰ পাণ্ডুলিপিৰ বাবে উপাসনা শ‍ইকীয়ালৈ আগবঢ়োৱা এই বঁটা (Munin Barkotoki Literary Award to Upasana Saikia)৷

গুৱাহাটী, ৩০ অক্টোবৰ : দেওবাৰে ঘোষণা কৰা হ’ল মুনীন বৰকটকী সাহিত্য বঁটা, ২০২২(Munin Barkotoki Literary Award) ৷ সু-সাহিত্যিক, সমালোচক, সাংবাদিক প্ৰয়াত মুনীন বৰকটকীৰ স্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ(Munin Barkotoki Memorial Trust) তৰফৰ পৰা আগবঢ়াই অহা হৈছে এই বঁটা (Munin Barkotoki Literary Award)৷

অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক-লেখিকাসকলক উদগনি যোগোৱাৰ লক্ষ্যৰে মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান কৰি অহা হৈছে ৷ ২০২২ বৰ্ষৰ ‘মুনীন বৰকটকী সাহিত্য বঁটা’ৰ বাবে নিৰ্বাচিত কৰা হৈছে প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ কাহিনীকাৰ উপাসনা শ‍ইকীয়ালৈ (Young story writer Upasana Saikia)৷ 'হালধীয়া জোতা'(Halodhiya Jota) শীর্ষক চুটিগল্পৰ পাণ্ডুলিপিৰ বাবে উপাসনা শ‍ইকীয়ালৈ আগবঢ়োৱা হৈছে ২৮ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা’ (Munin Barkotoki Literary Award to Upasana Saikia) ।

উল্লেখ্য যে, ১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰ নতুন লেখক-লেখিকাসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰদান কৰি অহা হৈছে ‘মুনীন বৰকটকী সাহিত্য বঁটা’ ৷ এই বঁটাত আছে নগদ পঞ্চাছ হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি-পত্ৰ । মুনীন বৰকটকী স্মাৰক ন্যাসৰ হৈ পৰিচালন ন্যাসৰক্ষী মীনাক্ষী বৰকটকীয়ে এই কথা জানিবলৈ দিয়ে ।

উল্লেখ্য যে, অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক-লেখিকাক উদগনি যোগোৱাৰ আশাৰে বিশিষ্ট সাহিত্যিক-সমালোচক-সাংবাদিক প্ৰয়াত মুনীন বৰকটকীৰ স্মৃতিত প্ৰদান কৰি এই বঁটা ২০২১ চনত লাভ কৰিছিল তৰুণ গল্পকাৰ-প্ৰাবন্ধিক প্ৰদ্যুম্ন কুমাৰ গগৈয়ে ৷ ‘চকী আৰু অন্যান্য গল্প’ শীৰ্ষক গল্প সংকলনৰ বাবে প্ৰদ্যুম্ন কুমাৰ গগৈলৈ(Author Pradyumna Kumar Gogoi) আগবঢ়োৱা হৈছিল এই বঁটা । ২০২১ৰ জানুৱাৰীত প্ৰকাশ পোৱা ‘চকী আৰু অন্যান্য গল্প’(Choki aru anyanya galpa) সংকলনটি প্ৰকাশ কৰিছিল গুৱাহাটীৰ পাঞ্চজন্য বুকছে ।

উল্লেখ্য যে, মুনীন বৰকটকী বিংশ শতাব্দীৰ অসমৰ এগৰাকী লেখক, সমালোচক । তেখেতে যথেষ্ট সংখ্যক উচ্চমানৰ গল্প, কবিতা লিখিছে যদিও তেখেতৰ পৰিচয় এজন কৃতী সমালোচক হিচাবেহে । তেখেতে অসমৰ স্থানীয় আৰু ৰাষ্ট্ৰীয় কাকতত নিয়মীয়া কলম লিখিছিল । বৰকটকী কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু অঁনাতাৰ বিভাগৰ উৰ্দ্ধতন বিষয়া হিচাবে কৰ্মৰত আছিল আৰু ১৯৬৫ চনৰপৰা ১৯৭০ চনলৈ তেখেতে প্ৰেছ ইনফৰমেশ্যন ব্যুৰো আৰু আকাশবাণীৰ বাৰ্তাবাহক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।

তেখেতেৰ মৃত্যুৰ পিছত পত্নী ৰেণুকা দেৱী বৰকটকীয়ে মুনীন বৰকটকী স্মাৰক ন্যাস গঠন কৰি তেখেতেৰ অন্যান্য কিতাপ আৰু লেখা-মেলাবোৰ ছপা কৰিছিল ৷

লগতে পঢ়ক : Microfinance Incentives and Relief Scheme : লখিমপুৰত ১৫ কোটি টকাৰ চেক বিতৰণ অতুল বৰাৰ

Last Updated :Oct 30, 2022, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.