অসম

assam

Allegation of Corruption : নলবাৰীৰ লোহাৰকাঠাত প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 4:36 PM IST

বাতৰি সম্প্ৰচাৰৰ পিছতো নলবাৰীৰ লোহাৰকাঠাত পুৰণি সামগ্ৰীৰে নিৰ্মাণকাৰ্য চলি আছে বিদ্যালয় গৃহৰ । ব্যাপক অনিয়মেৰে প্ৰধান শিক্ষক, পৰিচালনা সমিতিৰ সভাপতিয়ে মিলি চলাই আছে ১১৯৩ নং লোহাৰকাঠা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণ কাৰ্য ।

Allegation of Corruption
প্ৰধান শিক্ষক, পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

নলবাৰী, 6 নৱেম্বৰ : নলবাৰীৰ লোহাৰকাঠাত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ ৷ বিগত 24 অক্টোবৰত বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ ব্যাপক অনিয়মৰ অভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল এক বিশেষ বাতৰি ৷ বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত 1193 নং লোহাৰকাঠা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ত গৃহ নিৰ্মাণত হোৱা অনিয়ম সন্দৰ্ভত ৰাইজ আৰু পৰিচালনা সমিতিৰ সদস্য সকলে ক্ষোভ উজাৰি প্ৰশাসনৰ দৃষ্টি গোচৰ কৰাৰ বাতৰি সম্প্ৰচাৰ হৈছিল ৷

পুৰণি সামগ্ৰী ব্যৱহাৰ কৰি বিদ্যালয়ৰ নতুন গৃহ নিৰ্মাণৰ কাম চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিগৰাকীৰ বিৰুদ্ধে ৷ বিদ্যালয়খনৰ গৃহ নিৰ্মাণত প্ৰধান শিক্ষক ৰছিদ আহমেদ আৰু পৰিচালনা সমিতিৰ সভাপতি মকবুল আলীয়ে মিলি ব্যাপক অনিয়ম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ফলত অতীষ্ঠ হৈ স্থানীয় ৰাইজ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল কাষ চাপিছিল সংবাদ মাধ্যমৰ ৷

কিন্ত বিদ্যালয়ৰ আন্তঃগাঁথনি তথা নতুন গৃহ নিৰ্মাণত প্ৰধান শিক্ষক ৰছিদ আহমেদ আৰু পৰিচালনা সমিতিৰ সভাপতি মকবুল আলীয়ে পুৰণি সামগ্ৰী ব্যৱহাৰ কৰি গৃহ নিৰ্মাণ কৰাৰ বাতৰি সম্প্ৰচাৰৰ পিছতো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহ’ল বৰক্ষেত্ৰী শিক্ষা খণ্ডই ৷ যাৰ বাবে এতিয়া ৰাইজ তথা পৰিচালনা সমিতিৰ সদস্যসকলে বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ নিৰ্লিপ্ত ভূমিকাত সন্দেহ প্ৰকাশ কৰিছে ৷ এই বিষয় সন্দৰ্ভত পুনৰ পৰিচালনা সমিতিৰ সদস্যসকলে তথা স্থানীয় ৰাইজে নলবাৰী জিলা প্ৰশাসনক এক উচিত তদন্তৰ দাবী জনায় ৷

উল্লেখযোগ্য যে কিছু মাহ পূৰ্বে বিদ্যালয়খনৰ এটি পুৰণি গৃহ ধুমুহাত ক্ষ্যতিগ্ৰস্ত হৈছিল ৷ তাৰ পিছতে অসম চৰকাৰৰ পৰা বিদ্যালয়খনে এটা নতুন গৃহ লাভ কৰিছিল ৷ বিদ্যালয়খনৰ নতুন গৃহটো নিৰ্মাণৰ ক্ষেত্ৰত পৰিচালনা সমিতিৰ সদস্যসকলক নজনোৱাকৈ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিয়ে নিজে এখন নিৰ্মাণ সমিতি গঠন কৰি ব্যাপক অনিয়মেৰে নতুন গৃহটো নিৰ্মাণ কৰি থকাৰ অভিযোগ কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্যসকলে ৷ আনহাতে বিদ্যালয়খনৰে ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা পুৰণি গৃহটো ভাঙি তাৰ পুৰণি ইটা, ৰ’ড আদিৰে নতুন গৃহটোৰ নিৰ্মাণ কাৰ্য চলাই থকাৰো অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক :Theft incident : নলবাৰীৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত চুৰি কৰি হাতে-লোটে আটক চোৰ

ABOUT THE AUTHOR

...view details