Theft incident : নলবাৰীৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত চুৰি কৰি হাতে-লোটে আটক চোৰ

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 2:57 PM IST

Updated : Nov 6, 2023, 3:22 PM IST

thumbnail

নলবাৰী, ৬ নৱেম্বৰ : নলবাৰীৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত দিন দুপৰতে সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা । পুৱাই কাৰ্যালয় খোলাৰ পিচত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত চুৰি কৰিবলৈ আহি আটক হয় এটা চোৰ । দিনৰ পোহৰত চৰকাৰী কাৰ্যালয়ত চুৰি কৰি মৰসাহ কৰা জয়মংগলাৰ চোৰটোৰ নাম ইনামুল আলী ।

চুৰি কাৰ্য সংঘটিত কৰিবলৈ আহি হাতে-লোটে আটক হ’ব লগা হয় ইনামুল ৷ পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় নলবাৰী আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে চোৰটোক । ইতিমধ্যে ইনামুল আলীৰ পৰা আৰক্ষীয়ে কিছু চুৰি কৰা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

বৰ্তমান আৰক্ষীয়ে আটক কৰি নলবাৰী থানালৈ লৈ যায় ইনামুল আলীক । আনহাতে ধৃত চোৰটোৱে চুৰিকাণ্ড সংঘটিত কৰাৰ কথা সদৰী কৰে সংবাদ মাধ্যমৰ আগত ।

লগতে পঢ়ক : Cops loot gold from Railway passenger : খাকী পোচাকত লাগিল দাগ; ৰে’লযাত্ৰীৰ পৰা সোণ কাঢ়ি অন্তৰ্ধান আজমল আৰু দুই সহযোগী

Last Updated : Nov 6, 2023, 3:22 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.