অসম

assam

চামগুৰিত বনাঞ্চল এৰি জনাঞ্চলত বন্যহস্তীৰ তাণ্ডৱ

By

Published : Aug 24, 2021, 10:57 PM IST

wild-elephant-in-public-areas-leaving-forests-in-samguri

গোলাঘাট,যোৰহাট,বাক্সাকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ বনৰীয়া হাতীৰ উপদ্ৰৱত ইতিমধ্যেই প্ৰাণ হেৰুৱাইছে বহু লোকে ৷ লগতে হাতীয়ে অনিষ্ট কৰিছে খেতি পথাৰৰ লগতে বাসগৃহ ৷ ইয়াৰ মাজতে নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাইছে উপদ্ৰৱ ৷

চামগুৰি,24 আগষ্ট:ৰাজ্যৰ বহু কেইখন জিলাত শেহতীয়াকৈ ভয়াৱহ ভাৱে বৃদ্ধি পাইছে হস্তী মানুহৰ সংঘাত ৷ ইয়াৰ মাজতে নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলত বনাঞ্চল এৰি জনাঞ্চলৰ সৰ্বত্ৰে এতিয়া বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ বিশেষকৈ চামগুৰিৰ বিভিন্ন স্থানত তিনিজনীয়া এটা বন্যহস্তীৰ জাকে দিনদুপৰতে আতংকৰ সৃষ্টি কৰিছে ৷ মঙলবাৰে হাতী কেইটাই দিন-দুপৰতে এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগানৰ কাষতে অৱস্থান কৰাক কেন্দ্ৰ কৰি অতিশয় শংকিত হৈ পৰে গঁঞা ৰাইজ ৷

প্ৰাপ্ত খবৰ মতে, এই হাতীকেইটাই নিশাৰ ভাগত অঞ্চলটোত প্ৰায়ে তাণ্ডৱ চলাই ক্ষতিগ্ৰস্ত কৰিছে বহু লোকৰ বাসগৃহ, ভঁৰাল ঘৰ, পাকঘৰ আৰু নতুনকৈ ৰোৱা খেতি পথাৰ ৷ স্থানীয় লোকসকলে বন বিভাগক নিতৌ বিষয়টো অৱগত কৰি আহিছে যদিও বন বিষয়া সকলৰ হেমাহিৰ বাবেই বন্যহস্তী কেইটা খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বুলি ক্ষোভ উজাৰিছে ভুক্তভোগী ৰাইজে ৷ যাৰ বাবে বিগত বহু দিন ধৰি নিশা বিনিদ্ৰ ৰজনী কটাইছে অঞ্চলবাসীয়ে ৷

চামগুৰিত বনাঞ্চল এৰি জনাঞ্চলত বন্যহস্তীৰ তাণ্ডৱ

নিশাটো দূৰৈৰে কথা, এতিয়া দিনদুপৰতে চামগুৰিৰ বিভিন্ন ঠাইত বন্যহস্তীৰ মুক্ত বিচৰণে অদূৰ ভৱিষ্যতে যে সৰ্বসাধাৰণ ৰাইজক যিকোনো অনাকাংক্ষিত বিপদত পেলাব তাৰ প্ৰৱল সম্ভাৱনীয়তা প্ৰকট কৰিছে ৷ উপায়ন্তৰ হৈ শীঘ্ৰে বৃহত্তৰ চামগুৰি অঞ্চলত বিগত বহুদিন ধৰি উপদ্ৰৱ চলাই থকা বন্যহস্তী কেইটাক খেদি পঠিয়াবলৈ সংশ্লিষ্ট বন বিভাগক কাতৰ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়কঃক'ভিডৰ তৃতীয় ঢৌৰে মোকাবিলা কৰিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ: কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details