অসম

assam

নগাঁৱত এবিভিপিৰ স্বাক্ষৰ অভিযান

By

Published : Aug 24, 2022, 4:15 PM IST

অংক আৰু বিজ্ঞান বিষয় দুটাৰ পাঠদানৰ মাধ্যম ইংৰাজী কৰিব বিচৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে নগাঁৱত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ(ABVP)স্বাক্ষৰ অভিযান । নতুন শিক্ষানীতিক অৱমাননা কৰাৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ । শিক্ষাৰ্থীৰ পক্ষত থাকি আন্দোলনৰ হুংকাৰ সংগঠনটোৰ নেতাৰ ।

ABVP protest in Nagaon
নগাঁৱত এবিভিপিৰ স্বাক্ষৰ অভিযান

নগাঁও, ২৪ আগষ্ট:শেহতীয়াকৈ ৰাজ্য় চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটাৰ পাঠদানৰ মাধ্যম ইংৰাজী কৰিব বিচৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি আব্য়াহত আছে প্ৰতিবাদী কাৰ্যসূচী(New education system of Assam Government)। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন জাতীয় দল-সংগঠনে(protest against teaching medium from class III in english)। চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে নগাঁৱৰ ৰাজপথলৈ ওলাই আহিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP)।

নগাঁৱত এবিভিপিৰ স্বাক্ষৰ অভিযান

অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে ৰাজপথলৈ ওলাই আহি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে(ABVP) আৰম্ভ কৰে স্বাক্ষৰ কাৰ্যসূচী । নতুন শিক্ষানীতিক ড৹হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ।

উল্লেখ্য় যে নতুন শিক্ষানীতি অনুযায়ী পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা বাধ্যতামূলক যদিও অসম চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী মাধ্যমত অধ্যয়ন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ পিছতেই বিভিন্ন দল সংগঠনৰ লগতে অখিল ভাৰত বিদ্যাৰ্থী পৰিষদেও বিৰোধিতা কৰিছে চৰকাৰৰ উক্ত সিদ্ধান্তৰ । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে নগাঁৱত স্বাক্ষৰ কাৰ্যসূচী আৰম্ভ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলা সমিতিয়ে(ABVP protest in Nagaon)।

ৰাজ্য় চৰকাৰৰ এই সিদ্ধান্ত কোনো কাৰণতে মানি নোলোৱাৰ কথা উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীৰ পক্ষত থাকি প্ৰয়োজনত আন্দোলনৰ হুংকাৰ দিয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও মহাবিদ্যালয় শাখাই । ইপিনে,বিদ্যাৰ্থী পৰিষদ কোনো ৰাজনৈতিক দলৰ সংগঠন নহয় বুলি স্পষ্ট কৰি ছাত্ৰ সংগঠনটোৰ নেতাসকলে কয় যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সংগঠনহে । উল্লেখ্য় যে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰা ABVPক তীক্ষ্ণ সমালোচনা কৰি আৰ এছ এছৰ ৰোষত পৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা(Minister Jayant Mallabaruah)।

লগতে পঢ়ক:অসমত মাৰিলে টিপা নাগপুৰ পালেগৈ শিপা, জয়ন্ত মল্ল বৰুৱাক নাগপুৰলৈ তলব

ABOUT THE AUTHOR

...view details