অসম

assam

প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ-চাকৰিয়ালৰ বাবেহে চৰকাৰী আঁচনি !

By

Published : Jun 1, 2020, 5:10 PM IST

Updated : Jun 1, 2020, 10:27 PM IST

ৰাজ্যত শাসনাধিষ্ঠ বিজেপি দলৰ বিৰুদ্ধে সৰৱ হৈ পৰিল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা ৷ দৰিদ্ৰ লোকৰ বাবে গ্ৰহণ কৰা চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰে প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ অথবা ধনী লোকৰ পৰিয়ালেহে লাভা কৰে বুলি মন্তব্য কৰে বিধায়কজনে ।

Reaction against BJP by former congress MLA Durlabh Chamua nagaon assam etv bharat news
দুৰ্লভ চমুৱাৰ প্ৰতিক্ৰিয়া

নগাঁও,1 জুন: বিজেপি চৰকাৰৰ নীতিসমূহৰ বিৰুদ্ধে বিতৰ্কিতমূলক মন্তব্য আগবঢ়াইছে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই ৷ চমুৱাই এই প্ৰসংগত প্ৰকাশ কৰে যে, দৰিদ্ৰ লোকৰ বাবে গ্ৰহণ কৰা চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰে প্ৰথম শ্ৰেণীৰ ঠিকাদাৰে । এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷

দুৰ্লভ চমুৱাৰ প্ৰতিক্ৰিয়া

সোমবাৰে ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে নগাঁও জিলা কংগ্ৰেছে । বৃহৎ বৃহৎ আঁচনি গ্ৰহণ কৰি চমক সৃষ্টি কৰাৰ বিপৰীতে সাধাৰণ শ্ৰমিকৰ একাউণ্টত প্ৰত্যক্ষভাৱে দহ হাজাৰ টকাকৈ জমা কৰিবলৈ দাবী জনায় কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলে । লগতে লক্ ডাউনৰ সময়ত ক্ষতিৰ সন্মুখীন হোৱা পৰিয়ালসমূহক 1000 টকাকৈ প্ৰদানৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় কংগ্ৰেছ দলটোৱে ।

লগতে চাওকঃশ্ৰমিকক শোষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত গোলাঘাটত

Last Updated :Jun 1, 2020, 10:27 PM IST

ABOUT THE AUTHOR

...view details