নগাঁও, 23 জুলাই :প্ৰদ্যুৎ বৰদলৈ হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটী(APCC)ৰ পৰৱৰ্তী সভাপতি ৷ দুই এদিনতে ঘোষণা হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ নাম । কংগ্ৰেছৰ হাইকামাণ্ডে(congress high command) ইতিমধ্যেই এক প্ৰকাৰ চূড়ান্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি গৰাকীৰ নাম। বিভিন্ন সময়ত আলোচিত হৈ আহিছে যে, বিসম্বাদ আৰু লবীকেন্দ্ৰীক ৰাজনীতিত জৰ্জৰিত অসম প্ৰদেশ কংগ্রেছৰ নেতৃত্বৰ ভুলৰ বাবেই বিগত অসম বিধানসভা নিৰ্বাচনত মুখথেকেচা খাবলগীয়া হৈছিল ।
বিধানসভা নিৰ্বাচন(assembly election)ত পৰাজয়ৰ বাবে দায়িত্ব স্বীকাৰ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল ৰিপুন বৰাই । ৰিপুন বৰাই পদত্যাগ কৰাৰ পিছতেই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদক লৈ আৰম্ভ হৈছিল জল্পনা কল্পনা । নতুন সভাপতিৰ বাবে নাম উচ্চাৰিত হৈছিল সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক ভূপেন বৰা আৰু জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ(MP Pradyut bordoloi)ৰ ।
কেইবা গৰাকীও বিধায়ককে ধৰি কেইবাজনো নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰাত দলটোৰ অৱস্থা শেহতীয়াকৈ অতি শোচনীয় হৈ পৰিছে । কেৱল এয়াই নহয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদক লৈও আৰম্ভ হৈছে লবীকেন্দ্ৰিক ৰাজনীতি । প্ৰকাশ্য নহ’লেও ভিতৰুৱাকৈ কংগ্ৰেছৰ একাংশ নেতাই ব্যক্তিগত স্বাৰ্থত সাংসদ প্ৰদ্যুৎ বৰদলৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে বাছনি কৰাৰ ক্ষেত্ৰত বিৰোধিতা কৰিছে যদিও গৰিষ্ঠ সংখ্যকে আকৌ দলীয় স্বাৰ্থত প্ৰদ্যুৎ বৰদলৈকে বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ।