অসম

assam

Junmoni Rabha Death Case: জোনমণিৰ মাতৃৰ এজাহাৰত উল্লেখ থকা অভিযুক্তৰ নাম নাই প্ৰতিবেদনত

By

Published : Jun 24, 2023, 8:37 PM IST

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰগতিত চলি আছে ৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে ৰহস্যজনক তথ্য ৷ মাতৃ সুমিত্ৰা ৰাভাই জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰা এজাহাৰত উল্লেখ থকা আৰক্ষী বিষয়াৰ নাম বিলুপ্তি আৰক্ষীৰ 154 ৰিপ'ৰ্টৰ পৰা। আনকি এজাহাৰ মতে আৰক্ষীয়ে সন্নিৱিষ্ট কৰা নাই উপযুক্ত ধাৰা।

Police delete names of accused mentioned in Jonmani's mother's FIR
জোনমণিৰ মাতৃৰ এজাহাৰত উল্লেখ থকা অভিযুক্তৰ নাম কৰ্তন আৰক্ষীৰ

জোনমণিৰ মাতৃৰ এজাহাৰত উল্লেখ থকা অভিযুক্তৰ নাম কৰ্তন আৰক্ষীৰ

নগাঁও, 24 জুন : এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হোৱা ৰহস্য ভেদ কৰিবলৈ চি বি আইয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। তাৰ মাজতে ই টি ভি ভাৰতৰ হাতত পৰিছে এটা exclusive তথ্য । জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰা এজাহাৰত উল্লেখ থকা আৰক্ষী বিষয়াৰ নাম উধাও আৰক্ষীৰ 154 ৰিপ'ৰ্টৰ পৰা । আনকি এজাহাৰ মতে আৰক্ষীয়ে সন্নিৱিষ্ট কৰা নাই উপযুক্ত ধাৰা ।

প্ৰথমে মন কৰক, এছ আই জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰা এইখন এজাহাৰ । এজাহাৰখনত প্ৰয়াত জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই স্পষ্টকৈ উল্লেখ কৰিছে এছ পি লীনা দলেৰ সহ কেইবাগৰাকী আৰক্ষী বিষয়াৰ নাম । প্ৰথমে স্পষ্টকৈ উল্লেখ কৰিছে নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেৰ নাম। লগতে সেই সময়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙৰ নাম। কিন্তু জখলাবন্ধা আৰক্ষী থানাৰ সেই সময়ৰ বিষয়া পবন কলিতাই স্বাক্ষৰ কৰা আৰক্ষীৰ 154 ৰিপ'ৰ্টত নাই এছ পি লীনা দলেৰ লগতে ত্ৰিদীপ কুম্বাঙৰ নাম।

কেৱল লীনা দলেই নহয়, এজাহাৰত নাম উল্লেখ থকা আন দুগৰাকী অভিযুক্ত হৈছে সেই সময়ৰ ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰ্শ্বাদ আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভা। শেষবাৰৰ বাবে জোনমণি ৰাভা আভাজ্যোতি ৰাভাৰ লগত থকাৰ কথা এজাহাৰত উল্লেখ কৰিছিল জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই। কিন্তু নাই, আৰক্ষীৰ ৰিপ'ৰ্টত ৰাজা ইৰ্শ্বাদৰ নামো নাই, আভাজ্যোতি ৰাভাৰ নামো নাই। পবন কলিতা স্বাক্ষৰিত এই ৰিপ'ৰ্টত অভিযুক্ত হিচাপে কেৱল উল্লেখ কৰিছে police personal বুলিহে।

এজাহাৰ মতে আৰক্ষী অধীক্ষক লীনা দলেসহ আৰক্ষী বিষয়া ত্ৰিদীপ কুম্বাং, ৰাজা ইৰ্শ্বাদ আৰু আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে কেবাটাও জামিনবিহীন ধাৰা সন্নিৱিষ্ট কৰিব লাগিছিল যদিও উপযুক্ত ধাৰা সন্নিৱিষ্ট নকৰাৰো অভিযোগ অধিবক্তা আবুল হাচেম খণ্ডকাৰৰ। উল্লেখযোগ্য যে, এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি বি আইয়ে অব্যাহত ৰখাৰ মাজতে জখলাবন্ধা আৰক্ষীয়ে অভিযুক্ত আৰক্ষীক ৰক্ষণাবেক্ষণ দিয়াৰ তথ্যও পোহৰলৈ অহাত সৃষ্টি হৈছে আন এক প্ৰতিক্ৰিয়াৰ।

লগতে পঢ়ক:CBI Probes into Junmoni Rabha Death Case: পুনৰ আমিনা খাতুনক জেৰা চলালে CBI য়ে

ABOUT THE AUTHOR

...view details