অসম

assam

Nagaon firing incident: নগাঁৱৰ চলচলি গুলীচালনা ঘটনাৰ নতুন মোৰ

By

Published : Jun 30, 2023, 10:36 PM IST

নগাঁৱৰ চলচলিত হোৱা গুলীচালনা ঘটনাৰ নতুন মোৰ ৷ শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আন এজন অভিযুক্তক ৷ হাইদৰ আলীক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে ৷

Nagaon firing incident
নগাঁৱৰ চলচলিত হোৱা গুলীচালনা ঘটনাৰ নতুন মোৰ

নগাঁও,30 জুন:সোমবাৰে নিশা নগাঁৱৰ চলচলিত হোৱা গুলীচালনা ঘটনাৰ নতুন মোৰ ৷ শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আন এজন অভিযুক্তক ৷ শুকুৰবাৰে অভিযুক্ত ইনামূল হাছানৰ ভাতৃ তথা এটা ব্যক্তিগত শিক্ষানুষ্ঠানৰ অধ্যক্ষ হাইদৰ আলীক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে ৷

সোমবাৰে নিশা প্ৰায় ৮.৩০ মান বজাত দুৰ্বৃত্তৰ গুলীত আহত হৈছিল চলচলিৰ প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ স্বত্বাধিকাৰী হাফিজুৰ ৰহমান । সোমবাৰে সংঘটিত গুলীচালনাৰ ঘটনাৰ পিচতেই তৎপৰ হৈ পৰিছিল নগাঁও আৰক্ষী । গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ নিশাই নগাঁও আৰক্ষীয়ে অভিযুক্ত নগাঁৱৰ হাম এক গ্ৰুপৰ স্বত্বাধিকাৰী ইনামূল হাছানক আটক কৰিবলৈ সক্ষম হৈছিল ।

শুকুৰবাৰে ইনামূল হাছানৰ ভাতৃ তথা হাম এক গ্রুপৰ অধ্যক্ষৰ দায়িত্বত থকা হাইদৰ আলীকো গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে সোধা-পোচা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । ইতিমধ্যে গুলীচালনাৰ ঘটনা সন্দৰ্ভত ব্যৱসায়ী হাফিজুৰ ৰহমানৰ এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছিল। গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্ত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে আৰম্ভ কৰিছিল অনুসন্ধান ।

ইফালে আহত হাফিজুৰ ৰহমানক সোমবাৰে নিশা নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৷ চিকিৎসালয়ত থকা অৱস্থাতে গুলীচালনাৰ ঘটনাৰ সন্দৰ্ভত নগাঁৱৰ এটা ব্যক্তিগত শিক্ষানুষ্ঠানৰ তিনিজনকৈ লোক জড়িত থকাৰ কথা স্বীকাৰ কৰিছিল আহত হাফিজুৰ ৰহমানে । আহত হাফিজুৰ ৰহমানৰ তথ্যৰ ভিত্তিত ঘটনাৰ নিশাই নগাঁও আৰক্ষীয়ে গুলীচালনাৰ ঘটনাৰ অভিযুক্ত ইনামূল হাছানক আটক কৰিবলৈ সক্ষম হৈছিল ।

আহত হাফিজুৰ ৰহমানক গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ পিছত প্ৰাথমিক পৰীক্ষাৰ অন্তত হাফিজুৰ ৰহমানৰ শৰীৰত গুলী নথকাৰ কথা উল্লেখ কৰিছিল গুৱাহাটী মেডিকেল কলেজৰ অধীক্ষকে ।

লগতে পঢ়ক:Pabitra Margherita: ভাৰত-বাংলাদেশ সীমান্তৰ ভোগদাঙাত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

ABOUT THE AUTHOR

...view details