অসম

assam

টিকট হেৰুৱাই হাই কমাণ্ডলৈ পত্ৰ প্ৰেৰণ ডাঃ দুৰ্লভ চমুৱাৰ

By

Published : Mar 11, 2021, 9:34 PM IST

নগাঁও সদৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ ৰূপক শৰ্মাৰ বিৰুদ্ধে মহাজোঁটে ডাঃ দুৰ্লভ চমুৱাৰ সলনি প্ৰক্ষেপ কৰিছে শান্তনু শৰ্মাক ৷ প্ৰাক্তন মন্ত্ৰী মুকুট শৰ্মাৰ পুত্ৰ শান্তনু শৰ্মাক কংগ্ৰেছে এইবাৰ টিকট দিয়াৰ পাচতে একাংশ চমুৱা পন্থী কংগ্ৰেছ কৰ্মীয়ে সমষ্টিটোত ক্ষোভ প্ৰকাশ কৰে ৷

negaon congress candidates conflict
টিকট হেৰুৱাই হাই কমাণ্ডলৈ পত্ৰ প্ৰেৰণ ডাঃ দুৰ্লভ চমুৱাৰ

নগাঁও,11 মাৰ্চ: নগাঁও সদৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ ৰূপক শৰ্মাৰ বিৰুদ্ধে মহাজোঁটে ডাঃ দুৰ্লভ চমুৱাৰ সলনি প্ৰক্ষেপ কৰিছে শান্তনু শৰ্মাক ৷ প্ৰাক্তন মন্ত্ৰী মুকুট শৰ্মাৰ পুত্ৰ শান্তনু শৰ্মাক কংগ্ৰেছে এইবাৰ টিকট দিয়াৰ পাচতে একাংশ চমুৱা পন্থী কংগ্ৰেছ কৰ্মীয়ে সমষ্টিটোত ক্ষোভ প্ৰকাশ কৰে ৷ মাজনিশাই নগাঁও টাউন ব্লক কংগ্ৰেছ কাৰ্যালয়ৰ বেনাৰ, প’ষ্টাৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চমুৱা শিবিৰৰ কংগ্ৰেছ কৰ্মীসকলে ।

এনে পৰিস্থিতিতেই টিকটৰ পৰা বঞ্চিত হোৱাৰ কাৰণ বিচাৰি হাই কমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে ডাঃ দুৰ্লভ চমুৱাই ৷ চমুৱাৰ মতে ৰাইজৰ আস্থা থকাৰ পাচত দলে টিকটৰ পৰা বঞ্চিত কৰিব নোৱাৰে ৷

টিকট হেৰুৱাই হাই কমাণ্ডলৈ পত্ৰ প্ৰেৰণ ডাঃ দুৰ্লভ চমুৱাৰ

ইফালে, নগাঁও সদৰ সমষ্টিৰ বাবে শান্তনু শৰ্মাক প্ৰাৰ্থী হিচাপে পাই একাংশ কংগ্ৰেছ কৰ্মীৰ মাজত আনন্দৰ বন্যা বোৱা দেখা গৈছে ৷ শান্তনু শৰ্মাক গামোচা, ফুলৰ মালাৰে উষ্ম আদৰণি জনোৱা দেখা গৈছে সমষ্টিটোত ৷ শান্তনু শৰ্মাইও বিশ্বাস কৰে সমষ্টিৰ ৰাইজে বিচাৰিছে, এইবাৰ কংগ্ৰেছৰ হ'ব সমষ্টিটো ৷

নগাঁও সদৰ সমষ্টিত যথেষ্ট সবল গণভিত্তি থকাৰ পাচতো কংগ্ৰেছ নেতৃত্বই ডাঃ দুৰ্লভ চমুৱাৰ পৰিৱৰ্তে শান্তনু শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ৷ গতিকে আগন্তুক নিৰ্বাচনত শান্তনু শৰ্মাই কংগ্ৰেছৰ এই আস্থাক বিজয়ৰ ৰূপ দিব পাৰে নে নোৱাৰে সেয়া সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: কৰিমগঞ্জত 4 গৰাকী বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ABOUT THE AUTHOR

...view details