অসম

assam

Micro Finance Relief Scheme: নগাঁৱত মাইক্ৰ’ফাইনেঞ্চ আঁচনিৰ চেক বিতৰণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

By

Published : Oct 30, 2022, 10:41 AM IST

Minister Parimal Suklabaidya rolls out Micro Finance Relief Scheme in Nagaon
নগাঁৱত মাইক্ৰ’ফাইনেঞ্চ আঁচনিৰ চেক বিতৰণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ()

অসম চৰকাৰৰ অভিলাষী আঁচনি 'অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি'ৰ অধীনত নগাঁৱত ঋণগ্ৰস্ত হিতাধিকাৰীক সাহায্যৰ চেক বিতৰণ (Assam Micro Finance Incentive and Relief Scheme) ৷ নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা আবকাৰী, মীন আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই হিতাধিকাৰীসকলক দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য চেক বিতৰণ কৰে ৷

নগাঁও, 30 অক্টোবৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছত মাইক্ৰ’ফাইনেঞ্চ ঋণগ্ৰস্ত মহিলাক সকাহ দিয়াৰ উদ্দেশ্যে গ্ৰহণ কৰিছিল এক বৃহৎ আঁচনি (Cheques Distribution in Assam) । মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ নামৰ আঁচনি ২০২১ৰ অধীনত শনিবাৰে বিয়লি নগাঁৱত ঋণগ্ৰস্ত হিতাধিকাৰীক সাহায্যৰ চেক বিতৰণ কৰা হয় (Assam Micro Finance Incentive and Relief Scheme) ।

নগাওঁ সাংস্কৃতিক প্ৰকল্পত এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা আবকাৰী, মীন আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই হিতাধিকাৰীসকলক দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য চেক বিতৰণ কৰে (Minister Parimal Shuklabaidya distributed cheques)। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাষন প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয়, "অসমৰ আই মাতৃসকলৰ দীৰ্ঘদিনীয়া ঋণগ্ৰস্ততাৰ সমস্যা সমাধানৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । লগতে ইয়াৰ জৰিয়তে মহিলাসকলৰ আৰ্থিক সবলীকৰণৰ এক আঁচনি গ্ৰহণ কৰা হৈছে’’ (AMFIRS) ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, মহিলাসকলৰ আৰ্থিক সবলীকৰণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপ লোৱা অসম হৈছে দেশৰ একমাত্ৰ ৰাজ্য । ব্যৱসায়-বাণিজ্য, সন্তানৰ শিক্ষা আদি বিভিন্ন কাৰণত বেংক আদিৰ পৰা ঋণ ল’লেও সময়মতে ঋণ পৰিশোধ কৰি দায়িত্বশীল নাগৰিকৰ পৰিচয় দিবলৈ অনুষ্ঠানত উপস্থিত থকা সকলোকে মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় (Micro Finance cheque distribution in Nagaon) ।

নগাঁৱত মাইক্ৰ’ফাইনেঞ্চ আঁচনিৰ চেক বিতৰণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

তেওঁ লগতে কয়, "মানসিক চাপত থকা ঋণীসকলক ঋণ পৰিশোধ নিয়মীয়া কৰিবলৈ উৎসাহিত কৰাৰ বাবেই এই আৰ্থিক সাহায্য প্ৰদানৰ মূল উদ্দেশ্য । অনুষ্ঠানত অংগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে মহিলাসকলৰ আৰ্থিক বিকাশৰ বাবে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে ।"

বৰ্তমানৰ চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বিষয়েও বিধায়কগৰাকীয়ে উল্লেখ কৰে । অনুষ্ঠানত নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, নগাঁও জিলা বিজেপি সভাপতি অভিজিত নাথ, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ পৌৰপতি সীমান্ত বৰা, নগাঁও জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে । নগাঁৱত ৫৯৮৪ গৰাকী হিতাধিকাৰীক আৰ্থিক সাহায্য বিতৰণ কৰা হয় ।

লগতে পঢ়ক:Micro Finance cheque distribute: আনুষ্ঠানিকভাৱে গোলাঘাটত চেক বিতৰণ

ABOUT THE AUTHOR

...view details