ETV Bharat / state

পুত্ৰৰ উপৰ্যুপৰি প্ৰহাৰত প্ৰাণ গ’ল বৃদ্ধৰ : মৃত্যুৰ সৈতে যুঁজিছে চাৰি বছৰীয়া শিশুৱে - Murder by son in Dergaon

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 8:38 PM IST

Murder in Dergaon: পিতৃৰ প্ৰহাৰৰ পৰা পুত্ৰক বচাবলৈ গৈ মৃত্যুক আঁকোৱালি ল’লে এগৰাকী বৃদ্ধই ৷ পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ’ল বৃদ্ধগৰাকীৰ ৷ ঘটনাৰ স্থান দেৰগাঁও ৷

Murder in Dergaon
পুত্ৰৰ উপৰ্যুপৰি প্ৰহাৰত প্ৰাণ গ’ল বৃদ্ধৰ (ETV Bharat Assam)

গোলাঘাট, 3 মে’: দেৰগাঁৱত সংঘটিত হ’ল এক লোমহৰ্ষক কাণ্ড ৷ পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে বৃদ্ধ পিতৃক ৷ নাতিনীয়েকক বচাবলৈ গৈ বৃদ্ধগৰাকীয়ে নিজ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ৷

ঘটনাৰ বিৱৰণী অনুসৰি, দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া কুমলীয়া চাপৰিত সংঘটিত হয় এই ঘটনাটো ৷ বৃহস্পতিবাৰে পিতৃক আক্ৰমণ কৰাৰ পূৰ্বে কণমানি পুত্ৰক এটুকুৰা কাঠেৰে মৰিয়াই মৰিয়াই আহত কৰিছিল তাম পাও নামৰ অভিযুক্তজনে ৷ নাতিনীয়েকক প্ৰহাৰ কৰি থকা সহ্য কৰিব নোৱাৰি বাধা দিবলৈ গৈছিল দীঘলা পাও নামৰ লোকজন ৷ পুত্ৰক প্ৰহাৰত বাধা দিয়া পিতৃৰ ওপৰত ক্ষুণ্ণ হৈ পৰিল তাম পাও ৷ ইয়াৰ পিচতে পুত্ৰৰ পৰিৱৰ্তে পিতৃক একেটা কাঠৰ টুকুৰাৰে উপৰ্যুপৰি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে ৷

ইয়াৰ পিচতে ককাক-নাতি দুয়োকে যোৰহাটৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও শুকুৰবাৰে দীঘলা পাৱে মৃত্যুক আঁকোৱালি লয় ৷ ইফালে সম্প্ৰতি মৃত্যুৰ লগত যুঁজি আছে চাৰিবছৰীয়া কণমানি সন্তানটোৱে ৷ আনহাতে ঘটনাটো সংঘটিত কৰাৰ পিচতে হত্যাকাৰী তাম পাওক ঘৰতে আৱদ্ধ কৰি ৰাখে স্থানীয় ৰাইজে ।

পৰৱৰ্তী সময়ত দেৰগাঁও আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পিতৃহন্তা তাম পাওক গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । নিজ পুত্ৰৰ প্ৰহাৰত পিতৃৰ মৃত্যু হোৱা লোমহৰ্ষক হত্যাকাণ্ডটোৰ পিচতে সমগ্ৰ অঞ্চলত এক চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে তাম পাও মানসিক ৰোগত আক্ৰান্ত হোৱাৰ বাবে এনে মৰ্মান্তিক ঘটনা সংঘটিত হয় ।

লগতে পঢ়ক: পানী যোগান আঁচনিৰ টেংকীত কুকুৰৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.