ETV Bharat / state

ক'ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ অসম চিকিৎসা মহাবিদ্যালয়ত গৱেষণা আৰম্ভ - Covid vaccine

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 8:29 PM IST

ASSAM MEDICAL COLLEGE HOSPITAL: ক'ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ গৱেষণা আৰম্ভ কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দলে ৷ ক'ভিড ভেকচিনক লৈ ৰাইজৰ মাজত আৰম্ভ হোৱা বহু প্ৰশ্নৰ অৱসান ঘটাবলৈ এই গৱেষণা আৰম্ভ কৰিছে বিশেষজ্ঞ চিকিৎসকৰ দলটোৱে ৷

ASSAM MEDICAL COLLEGE
অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ গৱেষণা আৰম্ভ (ETV BHARAT ASSAM)
অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ গৱেষণা আৰম্ভ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 3 মে’ : ক'ভিড মহামাৰীৰ সময়ত জীৱন ৰক্ষাৰ বাবে একমাত্ৰ উপায় আছিল ক'ভিডৰ প্ৰতিষেধক ভেকচিন লোৱা ৷ দেশৰ বিভিন্ন প্ৰান্তৰ দৰে অসমতো ক'ভিড ভেকচিন লোৱাৰ বাবে চৰকাৰে জনজাগৰণ আৰম্ভ কৰিছিল ৷ যাতে ক'ভিড ভেকচিন লোৱাৰ পৰা কোনো বাদ নপৰে তাৰ বাবে গণনা কৰি কৰি দিয়া হৈছিল ক'ভিড ভেকচিন ৷

ক'ভিড মহামাৰীৰ প্ৰকোপ কমাত ৰাইজে পূৰ্বৰ দৰে সাধাৰণ জীৱন-যাপন কৰিবলৈ ল'লে ৷ কিন্তু ইয়াৰ মাজতে খবৰ ওলাল ক'ভিড ভেকচিন বা প্ৰতিষেধকে দেহত পাৰ্শ্বক্ৰিয়া সৃষ্টি কৰাৰ সম্ভাৱনা বেছি ৷ ক'ভিডৰ প্ৰতিষেধক প্ৰস্তুতকাৰী কোম্পানী AstraZeneca নামৰ কোম্পানীটোৱে আদালতত এই কথা স্বীকাৰ কৰা পাচতে দেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই খবৰ ৰাজহুৱা হোৱাৰ পাচতে ৰাইজৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷

ইয়াৰ মাজতে এটা ভাল খবৰ ৷ ক'ভিড ভেকচিনক লৈ ৰাইজৰ মাজত আৰম্ভ হোৱা বহু প্ৰশ্নৰ অৱসান ঘটনাবলৈ ইয়াৰ পাৰ্শ্বক্ৰিয়াক লৈ গৱেষণা আৰম্ভ কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দলে ৷ ক'ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবে বৃদ্ধি পাইছে নেকি আকস্মিক মৃত্যু ?

এনে এক ধাৰণাই সৰ্বসাধাৰণৰ মাজত ক্ৰিয়া কৰি থকাৰ সময়তে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কেইজনমান বিশেষজ্ঞ চিকিৎসক আগবাঢ়ি আহিছে বিষয়টোৰ ওপৰত গৱেষণাৰ বাবে ৷

ক'ভিডৰ ভেকচিন গ্ৰহণৰ পাছত তাৰ পাৰ্শ্বক্ৰিয়াই বর্তমান বৃদ্ধি পোৱা আকস্মিক, অস্বাভাৱিক মৃত্যুৰ কাৰণ নেকি এই বিষয়ত পুংখানুপুংখ বৈজ্ঞানিক গৱেষণা কৰিবৰ বাবে ইতিমধ্যেই ব্যৱস্থা লৈছে অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ সকলে ৷

অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশিষ্ট বিশেষজ্ঞ চিকিৎসক ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱা, মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ মৃগাংক শেখৰ চলিহা, হৃদৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ প্ৰণামী বৰা, ৰেডিঅ'লজি বিভাগৰ অধ্যাপিকা ডাঃ অনিছ হাজৰা, গৱেষক ছাত্ৰ ডাঃ শ্যামজিত লক্ষ্মণৰ লগতে আন কেইবাজনো গৱেষক ছাত্ৰই আজিৰে পৰা কেইবামাহৰ পূৰ্বেই এই বিষয়ত গৱেষণা আৰম্ভ কৰিছে ৷

ক'ভিডত আক্ৰান্ত হোৱা ৰোগীসকল আৰু ক'ভিড ভেকচিন সম্পূর্ণ লোৱা ব্যক্তিক লৈ গৱেষণা আগবঢ়াই শুদ্ধ তথ্যৰ যোগান ধৰাত সহায় কৰিব বুলি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকৰ দলটোৱে আশা প্ৰকাশ কৰিছে ৷ চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত এই গৱেষণাৰ ফলাফল ওলাব বুলি আশা ব্যক্ত কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ দুই জ্যেষ্ঠ চিকিৎসা তথা গৱেষণাৰ নেতৃত্ব বহন কৰা ডাঃ মৃগাংক শেখৰ চলিহা আৰু ডাঃ শ্ৰীমন্ত মাধব বৰুৱাই ৷

লগতে পঢ়ক : আনক সুখী কৰি সুখী হ’ব খোজা এজন যুৱকৰ বিশেষ সফলতাৰ কাহিনী... - MBBS Final Result

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.