ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ত বিশ্ব সংবাদ স্বাধীনতা দিৱস উদযাপন - World Press Freedom Day 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 8:42 PM IST

WORLD PRESS FREEDOM DAY 2024
বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ কাৰ্যসূচী (ETV BHARAT ASSAM)

TEZPUR UNIVERSITY : তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত বিশ্ব প্ৰেছ স্বাধীনতা দিৱস অনুষ্ঠিত ৷ এই অনুষ্ঠানত The Art and Craft of Journalism নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় ৷

তেজপুৰ বিশ্ববিদ্যালয়ত বিশ্ব সংবাদ স্বাধীনতা দিৱস উদযাপন (ETV BHARAT ASSAM)

তেজপুৰ, 3 মে' : 'মুক্ত যেন লাগিলেও বৰ্তমানৰ মুক্ত সংবাদ সেৱাৰ স্বাধীনতা এক কৰ্তন কৰা স্বাধীনতা'- এই মন্তব্য তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভূ নাথ সিঙৰ ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত শুকুৰবাৰে আয়োজিত বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰি ভাৰতৰ প্ৰেছ স্বাধীনতা সূচাংকৰ অৱনতি ঘটাত উদ্বেগ প্ৰকাশ কৰে তেওঁ ৷

একালত সংবাদক্ষেত্ৰৰ লগত জড়িত উপাচাৰ্যগৰাকীয়ে উন্নয়ন আৰু সংবাদ ক্ষেত্ৰৰ স্বাধীনতা অংগাংগীভাবে সংযুক্ত হৈ একোখন গণতান্ত্ৰিক সমাজৰ মেৰুদণ্ড গঠন কৰে বুলি কয় ৷ প্ৰেছৰ স্বাধীনতাৰ ক্ষেত্ৰত স্কাণ্ডিনেভিয়াৰ দেশসমূহৰ সূচাংক আৰু উন্নয়নৰ ক্ষেত্ৰত ফলাফল আমাতকৈ যথেষ্ট ভাল বুলিও তেওঁ লগতে উদাহৰণ সহকাৰে উল্লেখ কৰে ৷

2024 চনৰ বিশ্ব সংবাদ স্বাধীনতা দিৱসৰ বিষয়বস্তু "গ্ৰহটোৰ বাবে এটা প্ৰেছ" (A Press for the Planet) ৷ পৰিৱেশৰ সংকটৰ সন্মুখত সাংবাদিকতাক মূল বিষয় বস্তু হিচাপে লৈ আয়োজন কৰা এই প্ৰেছ দিৱসত বিশেষকৈ কৰ্মৰত সাংবাদিকসকলৰ মাজত এক পেনেল আলোচনাৰ জৰিয়তে প্ৰেছৰ স্বাধীনতা আৰু আঞ্চলিক সংবাদ মাধ্যম বিষয়ত তেওঁলোকৰ দৃষ্টিভংগী, অভিজ্ঞতা আৰু মতামত বিনিময়ৰ এক অতি মনোগ্ৰাহী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

আলোচনাত ভাগ লৈ তেজপুৰৰ পৰা প্ৰকাশিত সাপ্তাহিক গণকণ্ঠ কাকতৰ সম্পাদক ড৹ প্ৰাণজিত হাজৰিকা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা, ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাস, নিউজ লাইভৰ ব্যুৰো পুলক কুমাৰ ডেকা, অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সংবাদদাতা ৰাজ কুমাৰ মহন্ত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈয়ে বিষয়টোৰ ওপৰত নিজা নিজা অভিমত ব্যক্ত কৰে ৷

কাৰ্যসূচীত অংশগ্ৰহণ কৰি মানৱীয় আৰু সমাজ বিজ্ঞানৰ ডীন অধ্যাপিকা ফাৰহিনা দান্তাই ভাষণ প্ৰসংগত এটা বিষয়ৰ বিভিন্ন দৃষ্টিভংগী উলিয়াই অনাৰ বাবে সংবাদ মাধ্যমক গৱেষণাত মনোনিবেশ কৰিবলৈ আহ্বান জনায় ৷ আদৰণি ভাষণ প্ৰদান কৰি বিভাগটোৰ মুৰব্বী অধ্যাপক অভিজিৎ বৰাই কয় যে সাম্প্ৰতিক সময়ত বিষয়সমূহৰ তথ্য অনুসন্ধান আৰু প্ৰচাৰৰ ক্ষেত্ৰত সাংবাদিকসকলে বিভিন্নধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হয় ৷

সাংবাদিকসকলে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে সংবাদ মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান আহৰণ কৰা প্ৰয়োজন ৷ এই অনুষ্ঠানত গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক জয়া চক্ৰৱৰ্তী, ড৹ অঞ্জুমান বৰা, ড৹ মুক্তিকাম হাজৰিকা, ড৹ টিনাম বৰাই লিখা এখন কিতাপ- The Art and Craft of Journalism উন্মোচন কৰা হয় ৷ বিভাগটোৰ ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানটোৰ বিষয়বস্তুৰ ওপৰত এখন নাটকো পৰিবেশন কৰে ৷

লগতে পঢ়ক : ৰাজ্যৰ কেইবা গৰাকীৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ উপস্থিতিত দুলীয়াজানত উলিওৱা হ'ল কেন্দ্ৰীয় ৰঙালী উৎসৱৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা - Rongali Utsav 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.