ETV Bharat / state

ৰাজ্যৰ কেইবা গৰাকীৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ উপস্থিতিত দুলীয়াজানত উলিওৱা হ'ল কেন্দ্ৰীয় ৰঙালী উৎসৱৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা - Rongali Utsav 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 6:11 PM IST

Rongali utsav 2024:ৰাজ্যত অব্যাহত আছে ৰঙালীৰ ৰং ৷ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্য়োগত আয়োজন কৰা হৈছে এই উৎসৱ ।

Rongali utsav
আছুৰ ৰঙালী উৎসৱ (ETV BHARAT ASSAM)

মৰাণ, ৩ মে': ৰাজ্যত এতিয়াও ৰঙালী বিহুৰ উলহ-মালহ অব্যাহত ৷ এফালে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে চলি থকা তীব্ৰ যুঁজৰ সমানেই ৰাজ্যৰ ভিন্ন প্ৰান্তত বিহু অনুষ্ঠানসমূহ চলি আছে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু দুলীয়াজানবাসীৰ সহযোগত কলিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে কেন্দ্ৰীয় ৰঙালী উৎসৱ । এই কেন্দ্ৰীয় ৰঙালী উৎসৱৰ আজি দ্বিতীয় দিনা অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত বিহুৱতী প্ৰতিযোগিতা, জেং বিহু আৰু হুচৰি প্ৰতিযোগিতা আদি ।

আছুৰ ৰঙালী উৎসৱ (ETV BHARAT ASSAM)

কালিৰে পৰা দুলীয়াজানৰ বিহুতলীত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় ৰঙালী উৎসৱ । সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু দুলীয়াজানবাসীৰ সহযোগত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কেন্দ্ৰীয় ৰঙালী উৎসৱ । প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলনৰ পাছতে বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

এই শোভাযাত্ৰাত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা,নয়ন নীলিম আৰু অভিনেত্ৰী বৈভবী গোস্বামীৰ লগতে অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । যুৰীয়া হাতী আগত লৈ উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে কেইবাটাও জাতি- জনগোষ্ঠীয় সাংস্কৃতিক দলে ।

বিহু, সোণোৱাল কছাৰী নৃত্য, বাগৰুম্বা, মিচিং, আদি সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীৰে দুলীয়াজানৰ ৰাজপথত উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা । আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত সদৌ অসম ভিত্তিত বিহুৱতী প্ৰতিযোগিতা , জেং বিহু আৰু হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি আয়োজকসকলে সদৰী কৰিছে । আনহাতে, আছুৰ সাধাৰণ সম্পাদক শংকৰজোতি বৰুৱাই সমাৰণি দিনটোত সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী ৰিছা ভৰদ্বাজে আৰু জুবিন গাৰ্গে গীত পৰিবেশন কৰিব বুলি কয় ।

লগতে পঢ়ক:আজিৰ পৰা ডিব্ৰুগড়ত কেন্দ্ৰীয় ৰঙালী উৎসৱ ২০২৪ আৰম্ভ - Rongali Utsav 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.