অসম

assam

Reshuffle in Assam Police: আৰক্ষী অধীক্ষকৰ পাচত এইবাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক বদলি

By

Published : May 21, 2023, 7:55 AM IST

Updated : May 21, 2023, 9:35 AM IST

Reshuffle in Assam Police

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত আন এক ৰদ বদল । নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ত্ৰিদীপ কুম্বাঙক বদলি । মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) সুপ্ৰতিভ লাল বৰুৱাক নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ)ৰ দায়িত্ব । এ পি এছ বিষয়া পাৰ্থপ্ৰতীম শইকীয়াক নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ)ৰ দায়িত্ব (Reshuffle in Assam Police) ।

অসম আৰক্ষীৰ শীৰ্ষ পৰ্য্যায়ত আন এক ৰদ বদল

নগাঁও, ২১ মে’:নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ মৃত্যুক(Jonmani Rabha Death Case) লৈ সৃষ্টি হোৱা বিতৰ্কৰ অব্যাহত থকাৰ মাজতে শনিবাৰে আৰক্ষী অধীক্ষক পৰ্যায়ত ৰদ বদল হোৱাৰ পিছত পুনৰ আন এক ৰদ বদলৰ নিৰ্দেশ জাৰি কৰিছে অসম চৰকাৰে । অসম চৰকাৰৰ গৃহ বিভাগৰ এক নিৰ্দেশ অনুসৰি জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত নাম সাঙোৰ খোৱা নগাঁও সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ত্ৰিদীপ প্ৰতীম কুম্বাঙক বদলি কৰা হৈছে ।

অৱশ্যে পুনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ)ৰে দায়িত্ব প্ৰদান কৰা হৈছে ত্ৰিদীপ প্ৰতীম কুম্বাঙক । এছ জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কৰ অভিযুক্ত ত্ৰিদীপ প্ৰতীম কুম্বাঙক তামুলপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) হিচাপে বদলি কৰা হৈছে । মৰিগাঁও সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱাক নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) হিচাপে বদলি কৰা হৈছে । ইপিনে বিশেষ টাস্কফোৰ্চৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথক মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ)ৰ দায়িত্ব প্ৰদান কৰা হৈছে।

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পিছত বিতৰ্কত সাঙোৰ খাই পৰা নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাক গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ সংলগ্ন কৰা হৈছে । একেদৰে কোকৰাঝাৰ জিলাৰ চৰাইখোলাৰ অসম আৰক্ষীৰ ৭তম বেটেলিয়েনৰ দায়িত্বত থকা এ পি এছ বিষয়া পার্থপ্ৰতিম শইকীয়াক নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে (Major reshuffle in Assam police) ৷

উল্লেখ্য যে, এছ আই জোনমণি ৰাভাৰ মৃত্যুয়ে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাই নহয় অসম আৰক্ষীৰ ভিতৰচ’ৰাতো সৃষ্টি কৰিছে তীব্ৰ জোকাৰণিৰ (Junmoni Rabha mysterious death)। জোনমণি ৰাভা মৃত্যুৰ পাচত প্ৰথমে নগাঁও জিলাৰ ১৪৮ গৰাকী আৰক্ষী কনিষ্টবলক বদলি কৰাৰ পাচত শনিবাৰে নগাওঁ, লখিমপুৰ আৰু হাইলাকান্দিৰ আৰক্ষী অধীক্ষকক বদলি কৰা হৈছিল ।

লগতে পঢ়ক:জোনমণি ৰাভাৰ মৃত্যু তদন্ত সন্দৰ্ভত সংবাদমেলত কি ক’লে DGP য়ে !

Last Updated :May 21, 2023, 9:35 AM IST

ABOUT THE AUTHOR

...view details