অসম

assam

ধোঁৱা চাঙত গো-সুৰক্ষা আইন: কলিয়াবৰত জব্দ ম’হ ভৰ্তি বাহন

By

Published : Oct 4, 2021, 2:04 PM IST

কলিয়াবৰ আৰক্ষী নিৱেশৰ তৎপৰতাত চোৰাং ভাৱে সৰবৰাহ কৰা চাৰি ম'হ সহ তিনি সৰবৰাহকাৰীক আটক ৷ লগতে জব্দ এখন বাহনো ৷

Kaliabor Cattle Trafficking case
কলিয়াবৰত জব্দ ম’হ ভৰ্তি বাহন

কলিয়াবৰ, 4 অক্টোবৰ:ধোঁৱা চাঙত উঠিছে গো-সুৰক্ষা আইন ৷ চৰকাৰৰ গো-সুৰক্ষা আইনৰ নামত চলিছে ভেকো-ভাওনা ৷ স্মাৰ্ট আৰক্ষীৰ চকুৰ সন্মুখেদি পাৰ হয় গৰু-ম'হ ভৰ্তি বাহন ৷ কিন্তু তথাপিও নিমাত একাংশ আৰক্ষী বিষয়া ৷

অসম আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ থকাৰ মাজতে কলিয়াবৰ আৰক্ষীৰ জালত পৰিছে চোৰাং ম’হ সৰবৰাহকাৰী ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে কলিয়াবৰ আৰক্ষীয়ে কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত এ. এচ. ০২ চি. চি. ০৩০১ নম্বৰৰ এখন টাটা ডি. আই. বাহন জব্দ কৰে ৷ লগতে বাহন খনৰ পৰা আৰক্ষীয়ে জব্দ কৰে চোৰাং ভাৱে সৰবৰাহ কৰা চাৰিটা ম’হ ৷

ইতিমধ্যে কলিয়াবৰ আৰক্ষীয়ে বাহনখনত থকা চালকজনৰ লগতে আন দুজন যুৱকক আটক কৰিছে ৷ আটকাধীন তিনিওজনৰে ঘৰ ধিঙত বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, আটকাধীন তিনি যুৱকৰ নাম হৈছে আফজাৰুল হক, ইদ্ৰিছ আলি আৰু আব্দুল ছাত্তাৰ ৷

কলিয়াবৰত জব্দ ম’হ ভৰ্তি বাহন

কলিয়াবৰ আৰক্ষীয়ে সদৰি কৰা আনুসৰি, আটকাধীন তিনিওকে সোধা-পোচ অব্যাহত ৰাখিছে ৷ আনকি এই ঘটনা সন্দৰ্ভত কলিয়াবৰ আৰক্ষী নিৱেশত ৮৯/২১ নম্বৰত এক গোচৰ পঞ্জীয়নো কৰিছে ।

ধোঁৱা চাঙত গো-সুৰক্ষা আইন

ইফালে এই ঘটনাৰ পাচতেই জাঙুৰ খাই উঠিছে কলিয়াবৰবাসী ৷ কলিয়াবৰ বাসীৰ প্ৰশ্ন, মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগৰে কেনেধৰণৰ মিতিৰালি কৰি দৈনিক পাৰ হয় গো-ধন সৰবৰাহকাৰী বাহন ? আইন প্ৰণয়ন কৰিও কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই গৰু সৰবৰাহ কাৰ্য ? কাৰ ছত্ৰ-ছায়াত ভংগ হৈছএ গো-সুৰক্ষা আইন ?

লগতে পঢ়ক:লাহৰিজানত হেৰ'ইনসহ সৰবৰাহকাৰীক আটক

ABOUT THE AUTHOR

...view details