ETV Bharat / state

লাহৰিজানত হেৰ'ইনসহ সৰবৰাহকাৰীক আটক

author img

By

Published : Oct 4, 2021, 11:39 AM IST

প্ৰশাসনৰ নিৰ্দেশ, কঠোৰ শাস্তিলৈও কেৰেপ নকৰে একাংশ সৰবৰাহকাৰীয়ে । আৰক্ষীৰ অভিযান অব্যাহত থকাৰ পিছতো নিচাজাতীয় সামগ্ৰী অবৈধভাৱে সৰবৰাহ কৰি আছে একাংশ অসাধু ব্যৱসায়ীয়ে । এইবাৰ বোকাজান মহকুমাৰ লাহৰিজানত আৰক্ষীয়ে জব্দ কৰিলে বহু পৰিমাণৰ নিষিদ্ধ হেৰ'ইন ।

DRUGS SEIZED AT LAHORIJAN
লাহৰিজানত বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ'ইন জব্দ

ডিফু, ৪ অক্টোবৰ: অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে ধাৰাবাহিক সফলতা লাভ কৰাৰ পিছতো কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰে নিচাযুক্ত দ্ৰব্যৰ অবৈধ সৰবৰাহ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ড্ৰাগছ মাফিয়াই ৷ সোমবাৰে পুুৱা বোকাজান মহকুমাৰ খটখটী থানাৰ অন্তৰ্গত লাহৰিজানত আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমাণৰ নিষিদ্ধ হেৰ'ইন ৷ জানিব পৰা মতে, পুৱা ৭.৩০ মান বজাত আৰক্ষী উপ-পৰিদৰ্শক লুটফুৰ ৰহমানৰ নেতৃত্বত লাহৰিজান টহলদাৰী চকীৰ সন্মুখত তালাচী চলোৱাৰ সময়ত এখন যাত্ৰীবাহী বাছৰ পৰা আৰক্ষীয়ে হেৰ'ইনখিনি জব্দ কৰে ।

DRUGS SEIZED AT LAHORIJAN
লাহৰিজানত বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ'ইন জব্দ

ডিমাপুৰৰ পৰা আহি থকা AS09 AC 4179 নম্বৰৰ বাছখনৰ পৰা ৩২০ গ্ৰাম নিষিদ্ধ হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে । হেৰ'ইনখিনি ২৫ টা চাবোনৰ বাকছত লুকুৱাই অনা হৈছিল । ড্ৰাগছখিনি লৈ অনা অমৰ খান নামৰ যুৱকজনকো আৰক্ষীয়ে আটক কৰে । অমৰ খান মণিপুৰৰ থাউবেল জিলাৰ ছহিদুৰ ৰহমানৰ পুত্ৰ ৷

DRUGS SEIZED AT LAHORIJAN
লাহৰিজানত হেৰ'ইনসহ সৰবৰাহকাৰীক আটক

হেৰ'ইনখিনি জব্দ কৰাৰ সময়ত বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস, উপ-পৰিদৰ্শক ফণীধৰ ৰাভা আৰু জ্যোতি দাস উপস্থিত থাকে ৷ সম্প্ৰতি অমৰ খানক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

DRUGS SEIZED AT LAHORIJAN
লাহৰিজানত বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ'ইন জব্দ

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বৰ্তমান ৰাজ্যত ড্ৰাগছ আৰু অবৈধ দেশীয় সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । ইতিমধ্যে কোটি কোটি টকাৰ নিচাজাতীয় সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে । আনহাতে, এই অবৈধ বেহাৰে জড়িত বহু অপৰাধী আৰক্ষীৰ জালত পৰিছে । তথাপিও একাংশ সৰবৰাহকাৰীয়ে এতিয়াও ড্ৰাগছৰ ক'লা বেহা চলাইছে ।

লগতে পঢ়ক:ৰঙামাটিত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.