অসম

assam

পানীৰ তলত বুঢ়াপাহাৰ বনাঞ্চল : লুইতৰ বাঢ়নী পানীয়ে স্পৰ্শ কৰিছে ছটাকৈ বন শিবিৰ

By

Published : Jun 19, 2022, 6:21 PM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান স্পৰ্শ কৰিছে লুইতৰ বাঢ়নী পানীয়ে (Flood at Kaziranga National Park ) ৷ বুঢ়াপাহাৰ বনাঞ্চলৰ ছটা বন শিবিৰ বানৰ কৱলত (Floods at 6 forest camps at Burapahar forest) ৷ ইতিমধ্যে পাঁচটাকৈ জীৱৰ মৃত্যু হৈছে উদ্যানখনত (5 animals died in Kaziranga National Park) ৷

Floods at 6 forest camps at Burapahar forest
পানীৰ তলত বুঢ়াপাহাৰ বনাঞ্চল: লুইতৰ বাঢ়নী পানীয়ে স্পৰ্শ কৰিছে বনাঞ্চলখনৰ ছয়টাকৈ বন শিবিৰ

কলিয়াবৰ, 19 জুন : অপৰিৱৰ্তিত হৈয়ে আছে ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam 2022) ৷ বিগত কেবাদিনো ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত বান আৰু ভূমিস্খলনে প্ৰলংকাৰী ৰূপ (Assam flood 2022) ধাৰণ কৰিছে ৷ উজনিৰ পৰা নামনিলৈ ইখনৰ পাচত সিখন গাঁও বুৰ গৈছে বানত (Flood report in Assam) ৷ ইফালে লুইতৰ বাঢ়নী পানীয়ে স্পৰ্শ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Flood in Kaziranga National Park) ৷ উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলক বেছিকৈ প্ৰভাৱিত কৰে লুইতৰ বানে (Flood at Burapahar forest ) ৷

পানীৰ তলত বুঢ়াপাহাৰ বনাঞ্চল

সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুঢ়াপাহাৰ বনাঞ্চলখনৰ দ’ অংশসমূহ বুৰাই পেলাইছে । ইতিমধ্যে উদ্যানখনৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ মুঠ ৩৩ টা বন শিবিৰৰ ছয়টা বন শিবিৰ বানৰ কৱলত পৰিছে (Floods at 6 forest camps at Burapahar forest) । বানৰ ফলত উদ্যানখনৰ দক্ষিণ দিশে পাৰ হ’বলৈ চেষ্টা কৰোতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতে তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যুমুখত পৰে একাধিক বন্য জীৱ ।

এতিয়ালৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা লতামাকৰী বাহনৰ খুন্দাত মৃত্যু হোৱাৰ লগতে চাৰিটা হৰিণাৰ বানৰ কৱলত মৃত্যু হৈছে (5 animals die in Kaziranga National Park)। অৱশ্যে, ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কোনো জীৱ-জন্তু কাৰ্বি পাহাৰ অভিমুখে যোৱাৰ তথ্য নাই বুলি বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াই প্ৰকাশ কৰিছে ।

লগতে বানৰ কৱলত পৰা জীৱকূলে উদ্যানখনৰ ভিতৰুৱা 'হাইলেণ্ড'সমূহত আশ্ৰয় লৈছে বুলি জনায় বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক:Flood in Kaziranga National Park : বানৰ কৱলত কাজিৰঙাৰ ১৪ টা বন শিবিৰ

ABOUT THE AUTHOR

...view details