অসম

assam

ৰাজ্যত আবতৰীয়া বানত মৃত্যু হ’ল এজন

By

Published : Sep 26, 2020, 10:45 PM IST

পানীত পৰা এজন যুৱকক বচাবলৈ গৈ কৰুণ মৃত্যুক সাৱতি ললে কামপুৰৰ ৰচিদুল হকে। পানীত পৰা যুৱক জনক বচাবলৈ সক্ষম হ'ল যদিও পানীত উটি গ'ল ৰচিদুল হ'ক। পিছত স্থানীয় ৰাইজে উদ্ধাৰ কৰিলে ৰচিদুল হকৰ মৃতদেহ।

flood death one at kampur
ৰাজ্যত আবতৰীয়া বানত মৃত্যু হ’ল এজন

বঢ়মপুৰ,26 ছেপ্তেম্বৰঃ কামপুৰত আহিন মহীয়া বানে প্ৰাণ ললে এজনৰ। সপ্তম বাৰৰ বাবে হোৱা আবতৰীয়া বান মৃত্যু হ’ল ৰছিদুল হ'ক নামৰ এজন যুৱকৰ । নেৰানেপেৰা বৰষুণ আৰু কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প‌ই পানী এৰি দিয়াৰ ফলত উফন্দি উঠিছিল বৰপানী নৈ। বৰপানী নৈৰ পানীয়ে প্লাবিত কৰিছিল কামপুৰ ৰাজহ চক্ৰৰ ৫০ ৰো অধিক গাঁও। ইয়াৰ পিছতেই শনিবাৰে কচুৱা গেৰজাইপামত বাঢ়নী পানীয়ে উটুৱাই নিলে ৰশ্বিদুল হ'ক নামৰ এজন যুৱকক।

ৰাজ্যত আবতৰীয়া বানত মৃত্যু হ’ল এজন

উল্লেখযোগ্য যে, পানীত পৰা এজন যুৱকক বচাবলৈ গৈ কৰুণ মৃত্যুক সাৱতি ললে ৰচিদুল হকে। পানীত পৰা যুৱক জনক বচাবলৈ সক্ষম হ'ল যদিও পানীত উটি গ'ল ৰচিদুল হ'ক। পিছত স্থানীয় ৰাইজে উদ্ধাৰ কৰিলে ৰচিদুল হকৰ মৃতদেহ। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য, নেৰানেপেৰা বৰষুণ আৰু কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ কেইবাখনো গে'ট খুলি দিয়াত জলমগ্ন হৈ পৰিছে বৈঠালাংছ’কে ধৰি লংজাপ, মাধৱপাৰাৰ , কচুৱা, প্ৰমিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে খহাই নিলে মাধৱপাৰা জুৰিপাৰ সংযোগী গড়কাপ্টানি পথ ৷ বৈঠালাংছু , কামপুৰ সংযোগী পথৰে পানী বাগৰাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়ত। মাধৱপাৰাত ভগ্ন মাথাউৰীৰে পানী সোমাই জলমগ্ন হৈছে বহু বাসগৃহৰ লগতে হাজাৰ হাজাৰ বিঘা শালি ধানৰ খেতি ৷

লগতে পঢ়কঃ সামান্য পৰিমাণে সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

ABOUT THE AUTHOR

...view details