অসম

assam

নকল সোণৰ নাওসহ নগাঁও আৰক্ষীৰ জালত চাৰি ব্যৱসায়ী

By

Published : Apr 12, 2022, 12:19 PM IST

পুনৰ নগাঁও আৰক্ষীৰ সফলতা ৷ নগাঁৱত আৰক্ষীৰ জালত পৰিছে চাৰি নকল সোণৰ ব্যৱসায়ী (Fake gold smuggler arrested) ৷ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে নকল সোণেৰে নিৰ্মিত দুখন নাও, ম’বাইল ফোন আৰু নগদ ধন ।

Fake gold smuggler arrested
নকল সোণৰ নাওসহ নগাঁও আৰক্ষীৰ জালত চাৰি নকল সোণৰ ব্যৱসায়ী

নগাঁও, 12 এপ্ৰিল :নগাঁও আৰক্ষীৰ জালত চাৰি নকল সোণৰ ব্যৱসায়ী ৷ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে সোমবাৰে এক গোপন সূত্ৰৰ পম খেদি চহৰখনৰ সমীপৱৰ্তী কাতিমাৰীৰ এটা ভাড়াঘৰত চলাই এক অভিযান ৷ এই অভিযানত আৰক্ষী দলটোৱে চাৰিজন নকল সোণৰ ব্যৱসায়ীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় (Fake gold smuggler arrested in Nagaon) ।

নকল সোণৰ নাওসহ নগাঁও আৰক্ষীৰ জালত চাৰি নকল সোণৰ ব্যৱসায়ী

আৰক্ষীয়ে ধৃত ব্যৱসায়ী কেইজনৰ জিম্মাৰ পৰা নকল সোণেৰে নিৰ্মিত দুখন ক্ষুদ্ৰাকৃতিৰ নাও, নগদ ৯,৭০০ টকা আৰু তিনিটাকৈ ম’বাইল ফোন জব্দ কৰে । আটকাধীন নকল সোণৰ ব্যৱসায়ী কেইটা হৈছে ক্ৰমে লখিমপুৰ নাওবৈচাৰ নুৰুল আমিন (৩৭), লখিমপুৰ বঙালমৰাৰ নুৰুল হক চৌধুৰী, লখিমপুৰ ধলপুৰৰ হিতেশ্বৰ বৰা(৩০) আৰু নগাঁৱৰ ধিং পাণবাৰীৰ মাজাহাৰুল ইছলাম (৩২) ।

নগাঁও আৰক্ষীৰ জালত চাৰি নকল সোণৰ ব্যৱসায়ী

আৰক্ষীয়ে সদৰি কৰা অনুসৰি, ধৃত ব্যৱসায়ী কেইটাই দীৰ্ঘদিন ধৰি নকল সোণৰ ব্যৱসায়ৰে মানুহক প্ৰৱঞ্চনা কৰি আহিছিল ৷ আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাতে আছে ধৃত নকল সোণৰ ব্যৱসায়ীকেইটা ৷

লগতে পঢ়ক :লখিমপুৰত ৰাইজে কৰায়ত্ত কৰিলে নকল সোণৰ ব্যৱসায়ীক

ABOUT THE AUTHOR

...view details