ETV Bharat / state

লখিমপুৰত ৰাইজে কৰায়ত্ত কৰিলে নকল সোণৰ ব্যৱসায়ীক

author img

By

Published : Apr 10, 2022, 6:57 PM IST

নকল সোণৰ মূৰ্তিসহ ৰাইজে কৰায়ত্ব কৰিলে দুই নকল সোণৰ ব্যৱসায়ীক ৷ দীৰ্ঘদিনধৰি নকল সোণেৰে বহুজনক ঠগি অহা দুই ব্যৱসায়ীক খেদি-খেদি কৰায়ত্ব কৰিলে লখিমপুৰৰ পুখুৰীপৰীয়াৰ ৰাইজে (Fake gold smuggler in Lakhimpur)৷

Fake Gold in Lakhimpur
লখিমপুৰত ৰাইজে কৰায়ত্ত কৰিলে নকল সোণৰ ব্যৱসায়ীক

লখিমপুৰ, ১০ এপ্ৰিল: ‘এশ গৰু মাৰিলে বাঘৰো মৰণ’ বুলি প্ৰচলিত বাক্যশাৰী দেওবাৰে আখৰে আখৰে ফলিয়ালে লখিমপুৰৰ দুই নকল সোণৰ ব্যৱসায়ীৰ ক্ষেত্ৰত । দীৰ্ঘদিন নকল সোণৰে বহুজনক ঠগি অহা নকল সোণৰ দুই ব্যৱসায়ীক দেওবাৰে খেদি-খেদি কৰায়ত্ব কৰে ৰাইজে ৷ লখিমপুৰৰ পুখুৰীপৰীয়াত সংঘটিত হয় এই ঘটনা (Fake gold smuggler arrest in Lakhimpur)৷

লখিমপুৰত ৰাইজে কৰায়ত্ত কৰিলে নকল সোণৰ ব্যৱসায়ীক

আটকাধীন নকল সোণৰ সৰবৰাহকাৰী দুজন ক্ৰমে ইদ্ৰিছ আলী আৰু ফাৰুক আব্দুল্লাহ । দুয়োৰে ঘৰ লালুকৰ ধৰ্মপুৰত । পুখুৰীপৰীয়াত এই দুই নকল সোণ সৰবৰাহকাৰীয়ে প্ৰলোভনেৰে বহিঃৰাজ্যৰ লোকক বিক্ৰী কৰাৰ জো-যা চলাই থকাৰ সময়তে স্থানীয় লোকে সন্দেহ বশতঃ আটক কৰাৰ পিছতে উদ্ধাৰ হয় নকল সোণৰে নিৰ্মিত যীশুৰ মূৰ্তি । ঘটনাৰ উমান পাই সোণ কিনিবলৈ অহা লোকজনে পলায়ন কৰে ।

পৰৱৰ্তী সময়ত আটকাধীন দুই সৰবৰাহকাৰীক স্থানীয় ৰাইজে লালুক আৰক্ষীক চমজাই দিয়ে । ঘটনা সন্দৰ্ভত লালুক আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়ক: Luxurious habits of a thief: এটা বিলাসী চোৰৰ জীৱন বুৰঞ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.