চামগুৰি, ২৬ আগষ্ট: ৰাজ্যৰ জিলাই জিলাই চলিছে ড্ৰাগছ(Drugs) বিৰোধী অভিযান । অবৈধ ড্ৰাগছ ব্যৱসায়ীক নাকী লগাবলৈ প্ৰশাসন তৎপৰ হৈ পৰিছে । নগাঁও(Nagaon) জিলাতো আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ(Anand Mishra)ৰ নেতৃত্বত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । বুধবাৰে নগাঁও চহৰৰ ধিং গেটৰ আয়ুব আলী ভাটাৰ পৰা এণ্টি নাৰ্ক'টিক্স স্কোৱাড(Anti Narcotics Squad)ৰ অভিযানকাৰী দলে ৩টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ।
ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা ড্ৰাগছ ভৰ্তি ১৩টা কন্টেইনাৰ আৰু নগদ ৭ হাজাৰ টকা আৰক্ষীয়ে জব্দ কৰে । ধৃত সৰবৰাহকাৰীকেইটা হৈছে আজিবুৰ ৰহমান, লালু চৌহান আৰু নাজিম শেখ । অভিযানকাৰী দলটোৱে ১ নং মোল্লাপটীৰ বাসিন্দা নাজিম শেখৰ ঘৰত অভিযান চলাই যদিও কোনো আপত্তিজনক বস্তু জব্দ কৰিবলৈ সক্ষম নহ'ল । উল্লেখ্য যে, নগাঁও আৰক্ষীয়ে এটাৰ পিছত আনটো সফল অভিযান চলোৱাৰ পিছতো এতিয়াও জিলাখনত ড্ৰাগছৰ অবাধ বেহা চলি থকাক লৈ চিন্তিত হৈ পৰিছে সচেতন ৰাইজ ।