অসম

assam

Miles Bronson birthday : নগাঁৱত উদযাপন কৰা হ'ব ড৹ মাইলছ ব্ৰনছনৰ জন্মদিন

By

Published : Jul 19, 2022, 5:02 PM IST

Miles Bronson birthday
নগাঁৱত উদযাপন কৰা হ'ব ডঃ মাইলছ ব্ৰনছনৰ জন্মদিন

অসমীয়া ভাষাৰ উন্নয়নৰ বাবে বৰঙনি আগবঢ়োৱা আমেৰিকাৰ শিক্ষাবিদ ড৹ মাইলছ ব্ৰনছনৰ জন্মদিন নগাঁৱতো পালন কৰা হ'ব (Dr Miles Bronson birthday to be celebrated in Nagaon)। সাহিত্য সভাৰ উদ্যোগতো পালন কৰা হ'ব জন্মদিন । ব্যাপ্তিষ্ট মণ্ডলীৰ সন্মুখত নির্মাণ কৰা শিক্ষাবিদগৰাকীৰ পূৰ্ণাংগ মূৰ্তিও শুভ উন্মোচন কৰা হ'ব এই দিনটোতে ।

নগাঁও,১৯ জুলাই :ড৹ মাইলছ ব্ৰনছনৰ বিষয়ে হয়টো আপোনালোকে জানে । যিগৰাকী শিক্ষাবিদে সুদূৰ আমেৰিকাৰ পৰা অসমলৈ আহি অসম আৰু অসমীয়াৰ প্ৰেমত পৰিছিল । আনকি নগাঁৱতে থাকিবলৈ লৈছিল ড৹ মাইলছ ব্ৰনছনে । ১৮ শতিকাত অসমীয়া ভাষাৰ সংকটৰ সময়ত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধেও যুঁজ দিছিল ড৹ মাইলছ ব্ৰনছনে ।

সেইগৰাকী বিশিষ্ট শিক্ষাবিদে ১৮১২ চনৰ ২০ জুলাইত নিউয়ৰ্কত জন্মগ্ৰহণ কৰিছিল । তেওঁৰ আমেৰিকাৰ জন্মস্থানৰ লগতে অসমৰ নগাঁও জিলাৰ সাহিত্য সভাৰ উদ্যোগতো জন্মদিন পালন কৰা হ'ব (Dr Miles Bronson birthday to be celebrated in Nagaon)। বিশিষ্ট শিক্ষাবিদগৰাকীৰ জন্মদিন উপলক্ষে নগাঁৱৰ ব্যাপ্তিষ্ট মণ্ডলীৰ সন্মুখত নির্মাণ কৰা পূৰ্ণাংগ মূৰ্তিও শুভ উন্মোচন কৰা হ'ব ।

উল্লেখ্য যে, আমেৰিকান পণ্ডিত মাইলছ ব্ৰনছনে আনন্দৰাম ঢেকিয়াল ফুকনৰ সহযোগত অসমীয়া ভাষা পুনৰ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল । নগাঁৱৰ ব্যাপ্তিষ্ট মণ্ডলী, মিছন স্কুল আদি বহু অনুষ্ঠানৰ প্ৰতিস্থাপক ড৹ মাইলছ ব্ৰনছনৰ এটা পূৰ্ণাংগ মূৰ্তি স্থাপনৰ বাবে দাবী জনায় আহিছিল বিভিন্নজনে । এই সন্দৰ্ভত দুটা বছৰ পূৰ্বে ইটিভি ভাৰতত বিস্তৃত বাতৰিও সম্প্ৰচাৰ হৈছিল । অৱশেষত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সাংসদ পুঁজিৰ ধনেৰে নগাঁও চহৰৰ মাজমজিয়াত নিৰ্মাণ হ'ল ড৹ মাইলছ ব্ৰনছনৰ পূৰ্ণাংগ মূৰ্তি ।

নগাঁৱত উদযাপন কৰা হ'ব ডঃ মাইলছ ব্ৰনছনৰ জন্মদিন

নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত বুধবাৰে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত উন্মোচন কৰা হ'ব মাইলছ ব্ৰনছনৰ এই প্ৰতিমূৰ্তি । মঙলবাৰে নগাঁও শাখা সাহিত্য সভাৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি এই বিষয়ে উল্লেখ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (Pradyut Bordoloi on Miles Bronson birthday)। লগতে কেইদিনমান পূৰ্বে শিক্ষামূলক ভ্ৰমণত আমেৰিকালৈ যোৱা নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অসমৰ বাবে অনবদ্য অৱদান আগবঢ়োৱা ড৹ মাইলছ ব্ৰনছনৰ পৰিয়ালৰ লোককো সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰাৰ কথা উল্লেখ কৰে সাংসদগৰাকীয়ে (Pradyut Bordoloi interacted with Miles Bronson family in US)।

আমেৰিকাত থকা ড৹ মাইলছ ব্ৰনছনৰ পৰিয়ালক নগাঁৱত অনুষ্ঠিত হ'বলগীয়া শিক্ষাবিদগৰাকীৰ জন্মদিনত আমন্ত্ৰণ জনোৱাৰ কথাও উল্লেখ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । ইফালে নগাঁও চহৰৰ মাজমজিয়াৰ কলঙৰ ওপৰত থকা আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ কাষতে নতুনকৈ নিৰ্মাণ হোৱা দলং ড৹ মাইলছ ব্ৰনছনৰ নামত নামাকৰণ কৰিবলৈ চৰকাৰক দাবী জনায় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক :Vaccination drive in Biswanath: বিশ্বনাথত টীকাকৰণৰ সুবিধাৰ্থে দুখন বলেৰো পিকআপ ভান উন্মোচন

ABOUT THE AUTHOR

...view details