ETV Bharat / state

চৰাইদেউত মাৰণাস্ত্ৰসহ দুই নগা যুৱকক আটক - Crime In Charaideo

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 10:13 PM IST

Crime In Charaideo: অপৰাধীৰ ঘাটিলৈ পৰিণত চৰাইদেউ জিলা । নিষিদ্ধ ঘোষিত সংগঠনৰ লিংকমেনেৰে ভৰি পৰিছে জিলাখনৰ বিভিন্ন প্ৰান্ত । নগা দুৰ্বৃত্তয়ো আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে বিভিন্ন কাৰ্য-কলাপ । ইয়াৰ মাজতে অসম ৰাইফলছৰ অভিযানত মাৰণাস্ত্ৰসহ আটক দুই নগা যুৱক ।

Two Naga youth arrested with pistol in Charaideo
চৰাইদেউত মাৰণাস্ত্ৰসহ দুই নগা যুৱকক আটক (ETV Bharat Assam)

মৰাণ,৮ মে': অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে উজনি অসমৰ ঐতিহাসিক চৰাইদেউ জিলা । নিষিদ্ধ ঘোষিত আলফা স্বাধীনত চৰাইদেউ জিলাৰ পৰাই সদস্য ভৰ্তিৰ অভিযান নিয়ন্ত্ৰণ কৰাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ অহা সময়তে নাগালেণ্ডত নগা দুৰ্বৃত্তই চৰাইদেউ জিলাৰ সোণাৰিত আৰম্ভ কৰিছে বিভিন্ন কাৰ্যকলাপ । ইয়াৰ মাজতে বুধবাৰে চৰাইদেউত পিষ্টলসহ দুই নগা যুৱক আটক কৰে ।

অসম ৰাইফলছৰ অভিযানত চৰাইদেউৰ অসম নাগালেণ্ড সীমান্তৰ চিংফাং গেটত পিষ্টলসহ দুই নগা যুৱকক আটক কৰা হয় । আটকাধীন নগা যুৱক দুজন আচিং কন্যাক আৰু লংজেই কন্যাক বুলি চিনাক্ত কৰা হৈছে । আটকাধীন নগা যুৱক দুজনৰ পৰা এটা পইণ্ট ২২ পিষ্টল আৰু পাঁচ জাঁই সজীৱ গুলী আৰু দুটা ম'বাইল ফোন উদ্ধাৰ কৰা হয় ।

কি কাৰণে অস্ত্ৰ-শস্ত্ৰ লৈ চৰাইদেউ জিলাত এই দলটোৱে প্ৰবেশ কৰিছিল সেই কথা জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্তত সকলো তথ্য পোহৰলৈ আহিব । ইয়াৰ পুৰ্বে চৰাইদেউ সোণাৰিৰ কেইটাও স্থানত অস্ত্ৰৰ সৈতে নগা যুৱক আটক হৈছে । চৰাইদেউৰ অসম নাগালেণ্ডৰ সীমান্ত অঞ্চলৰ ৰাইজৰ অভিযোগ যে দীৰ্ঘদিনৰ পৰা নগা দুৰ্বৃত্তই সীমান্তত অসমীয়া ৰাইজৰ পোহনীয়া জীৱ-জন্তু কাঢ়ি নিয়াৰ লগতে মূল্যৱান গছ-গছনি কাটি সন্ত্ৰাস চলাই আহিছে ।

আনহাতে ৪ মে' তাৰিখে সোণাৰিত নিষিদ্ধ ঘোষিত আলফা স্বাধীনক অৰ্থ যোগান ধৰাৰ অভিযোগত তিনিজন লিংকমেনক আটক কৰা হৈছিল । অৰুণাচল কাণুবাৰীৰ পৰা অসম ৰাইফলছে তিনিওজনক আটক কৰি সোণাৰি আৰক্ষীক চমজাই দিছিল । আটকাধীন লোক কেইজন সোণাৰিৰ টিয়কঘাট আইদেউবাৰী বাগিছা গাঁৱৰ পিতা-পুত্ৰ ক্ৰমে সঞ্জয় দে, পুত্ৰ সুজিত দে আৰু নাগালেণ্ডৰ নকজান বস্তিৰ টাজাৱাং কন্যাক বুলি জানিবলৈ দিয়ে । আলফাৰ লিংকমেন হিচাপে ৪ মে'ত এজন নাগালেণ্ডৰ যুৱক আটক পাছত পুনৰ দুই নগা যুৱকক আটক কৰা ঘটনাই চৰাইদেউত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

লগতে পঢ়ক: Crime In Barpeta:হাউলীত পিষ্টলসহ গ্ৰেপ্তাৰ দুই দুধৰ্ষ ডকাইত

Pistol Recovered : বদৰপুৰত অবৈধ পিষ্টলসহ তিনি যুৱক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.