ETV Bharat / state

লখিমপুৰত উদণ্ড যুৱকৰ প্ৰহাৰত প্ৰাণ গ'ল মহিলাৰ - Moral policing

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 10:11 PM IST

Moral policing:বগীনদীত সংঘটিত হৈছে এক মৰেল পুলিচিঙৰ ঘটনা । এদল যুৱকৰ আক্ৰমণৰ পৰা পুত্রক ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে মহিলাই ।

Moral policing in Assam
মৰেল পুলিচিঙৰ ঘটনা (ETV BHARAT ASSAM)
মৰেল পুলিচিঙৰ ঘটনা (ETV BHARAT ASSAM)

লখিমপুৰ, ৮ মে’: মৰেল পুলিচিঙৰ ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ সময়তে লখিমপুৰত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে । লখিমপুৰ জিলাৰ বগীনদীত মৰেল পুলিচৰ এই জঘন্য কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । যোৱা নিশা উদণ্ড যুৱকৰ প্ৰহাৰত প্ৰাণ গ'ল এগৰাকী মহিলাৰ । বগীনদীৰ চৈধ্য মাইল অঞ্চলত সংঘটিত ঘটনাটোৰ পিচতেই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উত্থাপিত অভিযোগ অনুসৰি জিলাখনৰ বগীনদীৰ চৈধ্য মাইলৰ এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগত ৬-৭ জনীয়া এটা যুৱকৰ দলে খুটাত বান্ধি মঙলবাৰে নিশা প্ৰহাৰ কৰে নৱজ্যোতি দাস নামৰ যুৱকজনক । যুৱকৰ দলটোৰ প্ৰহাৰত কাতৰ হোৱা নৱজ্যোতিৰ আৰ্তনাদ সহিব নোৱাৰি মাতৃ গৈছিল উদ্ধাৰ কৰিবলৈ । পিছে উদণ্ড যুৱক কেইজনে নৱজ্যোতিৰ মাতৃকো গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে । মহিলাগৰাকী এই ঘটনাত গুৰুতৰভাৱে আহত হৈ ঢলি পৰে ।

এই প্ৰচণ্ড প্ৰহাৰত পুত্ৰৰ সন্মুখতে ঢলি পৰে মহিলাগৰাকী । গুৰুতৰ ভাৱে আহত নৱজ্যোতিৰ মাতৃক ততাতৈয়াকৈ চিকিৎসালৈ নিয়ে যদিও চিকিৎসাৰ পূৰ্বে মহিলাগৰাকী মৃত্যু হয় । উদণ্ড যুৱকৰ দলৰ প্ৰহাৰত এনেদৰে মহিলাগৰাকী মৃত্যু মুখত পৰা ঘটনা ই অঞ্চলটোত তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে । কি ভুলৰ বাবে আইন হাতত তুলি মৰেল পুলিচে ঘূচিয়াই ঘুচিয়াই হত্যা কৰিলে দুৰ্ভগীয় মহিলগৰাকীক তাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে । ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:Moral Policing Incident: চৰাইদেউত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা

শিলচৰ NIT ত ছাত্ৰৰ মৰেল পুলিচিং; একাংশ ছাত্ৰৰ প্ৰহাৰত আহত ৰান্ধনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.