অসম

assam

নগাঁৱত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : Jun 10, 2021, 9:30 PM IST

বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে অহা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) ন'ডেল বিষয়াসকলৰ উপস্থিতিত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (DDMA) বান পৰিস্থিতিৰ প্ৰস্তুতি সম্পৰ্কীয় এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । বুধবাৰে নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (DDMA) অধ্যক্ষৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক ।

nagaon
নগাঁৱত দুৰ্যোগ ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ বৈঠক

নগাঁও, ১০ জুন :নগাঁও জিলাৰ বান পৰিস্থিতিৰ প্ৰস্তুতি সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (DDMA) এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । বুধবাৰে নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (DDMA) অধ্যক্ষৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক । নগাঁৱৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত তথা ডি.ডি.এম.এ’ৰ মুখ্য কাৰ্যবাহী বিষয়া, নগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল এই বৈঠকত উপস্থিত থাকে ।

নগাঁৱত দুৰ্যোগ ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ বৈঠক

উক্ত বৈঠকত জিলা উপায়ুক্তগৰাকীয়ে ক'ভিড নিয়মাৱলী(covid sop) অনুসৰণ কৰি বান সাহায্য শিবিৰ(flood relief camp) নিৰ্মাণ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰে । লগতে উপায়ুক্তগৰাকীয়ে সকলো চক্ৰ বিষয়াক ইয়াৰ প্ৰতি বিশেষ মনোযোগ দিবলৈ নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে এতিয়ালৈকে গ্ৰহণ কৰা সকলো বান সাহায্য তথা ব্যৱস্থামূলক প্ৰস্তুতিৰ বুজ লয় আৰু ল'বলগীয়া ব্যৱস্থাসমূহৰ ওপৰত আলোচনা কৰে । লোকনিৰ্মাণ বিভাগ, জল সম্পদ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আদিৰ দৰে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে প্ৰস্তুতিৰ স্থিতি সম্পৰ্কে পৰ্যালোচনা কৰে উপায়ুক্তগৰাকীয়ে ।

পৰ্যালোচনা বৈঠকত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) মনোনীত ন'ডেল বিষয়া কিশোৰ দত্ত, প্ৰকল্প বিষয়া নিতুমনি বৰাও উপস্থিত থাকে । বৈঠকৰ পাছত বিষয়াসকলে প্ৰস্তুতিৰ স্তৰ চাবলৈ ৰহা আৰু কামপুৰ ৰাজহ চক্ৰ পৰিদৰ্শন কৰে আৰু এই ৰাজহ চক্ৰসমূহৰ ভিতৰত দুৰ্বল অঞ্চলসমূহ পৰিদৰ্শন কৰে ।

লগতে পঢ়ক:MGNREGA আঁচনিত দুৰ্নীতিৰ অভিযোগ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে

ABOUT THE AUTHOR

...view details