অসম

assam

নগাঁৱত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 9:39 PM IST

Vikshit Bharat Sankalpa Yatra: নগাঁৱত শনিবাৰে বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে । চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ ব্যাখ্যা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ।

Vikshit Bharat Sankalpa Yatra
বিকশিত ভাৰত সংকল্প যাত্ৰা

নগাঁও, 30 ডিচেম্বৰ : শনিবাৰে নগাঁৱত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে । নগাঁও জিলাৰ লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত আমবাগান গাঁও পঞ্চায়তত অনুষ্ঠিত হোৱা বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় ধৰিত্ৰী বিজ্ঞান মন্ত্ৰী কিৰেণ ৰিজিজুৱে । এই উপলক্ষে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমাজৰ সকলো শ্ৰেণীৰ উন্নয়ন আৰু উত্থানৰ বাবে চৰকাৰখনৰ আন্তৰিক দায়বদ্ধতা সন্দৰ্ভত আলোকপাত কৰে ।

বিকশিত ভাৰত সংকল্প যাত্ৰা

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ লক্ষ্যৰ ৰূপৰেখা দাঙি ধৰে য’ত, মাতৃ বন্দনা আঁচনি, আয়ুষ্মান ভাৰত আঁচনি, পোষণ যোজনা, বৃদ্ধ পেঞ্চন আঁচনি আদি বহুকেইটা আঁচনিৰ বিষয়ে উল্লেখ কৰে । চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আঁচনি আৰু সেইসমূহৰ সুবিধাসমূহ লাভ কৰিবলৈ থাকিবলগীয়া যোগ্যতাৰ মাপকাঠীসমূহৰ বিষয়ে ৰাইজক জানিবলৈ আহ্বান জনোৱাৰ লগতে মন্ত্ৰীগৰাকীয়ে এই আঁচনিসমূহ যিকোনো জাতি, বর্ণ বা ধৰ্মীয় পাৰ্থক্যৰ উৰ্ধত বুলি আৰু সকলোৱে নিজৰ সুবিধা ল’বলৈ আগবাঢ়ি আহিব লাগে বুলিও গুৰুত্ব আৰোপ কৰে ।

তেওঁ ভাষণত বিভিন্ন কৃষি উদ্দেশ্যত ড্ৰ’ন চলোৱাৰ বাবে মহিলাসকলক প্ৰশিক্ষণ দিয়াৰ কথা উল্লেখ কৰি চৰকাৰী আঁচনিসমূহৰ ক্ষীপ্ৰ সেৱা প্ৰদান আৰু জনসাধাৰণৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী বিষয়াসকলৰ ভূমিকা পুনৰবাৰ উল্লেখ কৰে ।

মন্ত্ৰী গৰাকীয়ে কয় যে, তেওঁৰ ভ্ৰমণৰ প্ৰধান উদ্দেশ্য হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ প্ৰসাৰতাৰ বুজ লোৱা । তেওঁ লগতে অসম আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতি তথা অসমৰ চাহৰ প্ৰতি তেওঁৰ অন্তৰত বিশেষ স্থান আছে বুলি প্ৰকাশ কৰে । সভাৰ আদৰণি ভাষণ দাঙি ধৰি নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈয়ে বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ প্ৰাথমিক লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে গভীৰভাৱে আলোকপাত কৰে আৰু এই সুযোগতে জনকল্যাণমূলক আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ সভাত উপস্থিত জনসাধাৰণক আহ্বান জনায় ।

বিকশিত ভাৰত সংকল্প যাত্ৰা

সভাত ভাষণ দি সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ গভৰ্নিং ব’ডিৰ সদস্য ড৹ জেফ্ৰিন মেহজাবিনে বৰ্তমান চৰকাৰে মহিলা সবলীকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে । সমাজকৰ্মী তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰাক্তন অধ্যক্ষ অশোক ভট্টৰাই ভাষণত কয় যে, চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ বাবে আঁচনি প্ৰস্তুত কৰিছে আৰু এই সকলোবোৰ আঁচনি প্ৰতিজন আৰ্তজন আৰু যোগ্য নাগৰিকৰ ওচৰলৈ যোৱাৰ সময় সমাগত ।

নগাঁৱৰ জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপ, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি (অসামৰিক) লিজা তালুকদাৰ, লাওখোৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, সমাজকৰ্মী বাবুল বৰা, গাঁও পঞ্চায়তৰ প্ৰতিনিধি, নগাঁও জিলা প্ৰশাসন আৰু নগাঁও জিলা পৰিষদৰ বিষয়া কৰ্মচাৰী, নগাঁও জিলা প্ৰশাসনৰ বিভিন্ন লাইন বিভাগৰ লগতে লাওখোৱা উন্নয়ন খণ্ড আৰু আমবাগান গাঁও পঞ্চায়তৰ বিষয়া কৰ্মচাৰীৰ লগতে বহু সংখ্যক স্থানীয় নাগৰিকে শনিবাৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :লখিমপুৰত বিকশিত ভাৰত সংকল্প যাত্রা

ABOUT THE AUTHOR

...view details