ETV Bharat / state

লখিমপুৰত বিকশিত ভাৰত সংকল্প যাত্রা

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 10:28 PM IST

Viksit Bharat Sankalp Yatra: লখিমপুৰত শুকুৰবাৰে চৰকাৰী আঁচনি সমূহৰ প্ৰচাৰৰ হকে বিকশিত ভাৰত সংকল্প যাত্ৰা সভা অনুষ্ঠিত হয় । সভাত মন্ত্ৰী অতুল বৰা, সাংসদ প্ৰদান বৰুৱা সহ ভালেখিনি বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

Viksit Bharat Sankalp Yatra
লখিমপুৰত বিকশিত ভাৰত সংকল্প যাত্রা

লখিমপুৰত বিকশিত ভাৰত সংকল্প যাত্রা

লখিমপুৰ, ২৯ ডিচেম্বৰ: লখিমপুৰৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত গজাই মনাই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ বৃহৎ প্ৰচাৰ অভিযান । বিকশিত ভাৰত সংকল্প যাত্ৰা শীৰ্ষক এই অনুষ্ঠানত অংশগ্ৰহণ লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ ।

তেওঁ ভাষণত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি যেনে জল জীৱন অভিযান, অৰুণোদয়, উজ্বলা, আয়ুষ্মান ভাৰত, পি এম কিষাণ, প্ৰধানমন্ত্ৰীৰ মাতৃ বন্দনা যোজনা, প্ৰধানমন্ত্ৰীৰ জন ধন যোজনা, প্ৰধানমন্ত্ৰীৰ সুৰক্ষা যোজনা, অটল পেঞ্চন যোজনা, প্ৰধানমন্ত্ৰীৰ জীৱন জ্যোতি যোজনা, প্ৰধানমন্ত্ৰী আবাস যোজনা আদিৰ ওপৰত আলোকপাত কৰে ৷

মন্ত্ৰী বৰাই কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমাজৰ সকলো স্তৰৰ লোকক সামৰি উন্নয়নৰ বাটেৰে অগ্ৰসৰ হ’বলৈ এই বিভিন্ন আঁচনিসমূহ গ্ৰহণ কৰিছে । কোনো এগৰাকী যোগ্য ব্যক্তি যাতে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাৰ ওপৰত এই আঁচনিসমূহৰ সাফল্য নিৰ্ভৰ কৰিব । তেওঁ জনসাধাৰণক চৰকাৰী আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণৰ বাণীবদ্ধৰূপ সম্প্ৰচাৰ কৰা হয় ।

অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা বিশেষ অতিথি হিচাপে উপস্থিত থাকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সংকল্প যাত্ৰা শীৰ্ষক অনুষ্ঠানৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে বক্তব্য আগবঢ়ায় । তেওঁ ভাষণত কয় যে চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

যদি কোনো ব্যক্তিয়ে যোগ্য হৈও চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই তেনেহ'লে এই কাৰ্যসূচীৰ সময়ছোৱাত বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব । কোনো আঁচনি সন্দৰ্ভত ভালকৈ নাজানিলে সংশ্লিষ্ট বিভাগীয় বিষয়া-কৰ্মচাৰীৰ পৰা অৱগত হ'বলৈও তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় । সভাত বিভিন্ন আঁচনিৰ কেইবাগৰাকীও হিতাধিকাৰীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে ।

বিভিন্ন বিভাগে মুকলি কৰা বিপণিসমূহত ৰাইজক বিভিন্ন আঁচনি সমূহৰ বিষয়ে অৱগত কৰাৰ লগতে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে আৰু নাম পঞ্জীয়ন কৰে । এই সভাৰ অংশৰূপে কৃষি বিভাগৰ উদ্যোগত ড্ৰোণ প্ৰযুক্তিৰ সহায়ত নেন' ইউৰিয়া প্ৰদৰ্শন কৰা হয় লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ।

বগীনদী খণ্ড উন্নয়ন বিষয়া ভাগ্যশ্ৰী ডেকাই আদৰণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি দিনমণি মহন্ত, জিলা আয়ুক্ত গায়ত্ৰী হ্যালিংগে, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰ, জিলা সহকাৰী আয়ুক্ত অৰ্জিত মহাজন, বগীনদী চক্ৰ বিষয়া নন্দন প্ৰতিম ভাগৱতী, সমাজকৰ্মী তুলন কোঁৱৰ, গাঁও পঞ্চায়তৰ সভাপতি, গাঁও পঞ্চায়তৰ সচিব , গাঁওপ্ৰধান, হিতাধিকাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

সভাত বিকশিত ভাৰত সংকল্প যাত্ৰা অভিযানত ব্যৱহৃত অত্যাধুনিক বাহনখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন উন্নয়ন মূলক আঁচনিসমূহ ৰাইজৰ মাজত প্ৰদৰ্শন কৰা হয় । ইয়াৰ পিছতে অভিভাৱক মন্ত্ৰী অতুল বৰাই লখিমপুৰৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ লগতে জিলাৰ মুৰব্বী বিষয়াসকলৰ সৈতে এক পৰ্যায়লোচনা সভাত অংশগ্ৰহণ কৰে । উক্ত পৰ্যায়লোচনা সভাত ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাইৰ লগতে জিলাৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: খিলঞ্জীয়াৰ সমস্যাৰ কথা নাথাকিলে আলফাৰ শান্তিচুক্তি ফালি পেলাব বীৰ লাচিত সেনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.