অসম

assam

নগাঁৱত কাৰ্টনে কাৰ্টনে জব্দ নিচাজাতীয় ঔষধ

By

Published : Jun 27, 2022, 11:16 AM IST

Updated : Jun 27, 2022, 11:51 AM IST

ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা নগাঁও আৰক্ষীৰ (Narcotics seized at Nagaon)। কাৰ্টনে কাৰ্টনে জব্দ নিচাজাতীয় ঔষধ । ১৩ লাখ নিচাজাতীয় কেপচুলৰ লগতে জব্দ ১৪ হাজাৰৰো অধিক নিচাজাতীয় ঔষধৰ চিৰাপ । আৰক্ষীৰ জালত মধ্য অসমৰ কুখ্যাত ড্ৰাগছ মাফিয়া অমলজ্যোতি কলিতা ।

narcotics-seized-at-nagaon
নগাঁৱত কাৰ্টুনে কাৰ্টুনে জব্দ নিচাজাতীয় ঔষধ

নগাঁও, 27 জুন: ড্ৰাগছমুক্ত নগাঁও গঢ়াৰ লক্ষ্যৰে নগাঁৱৰ মহিলা আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত ধাৰাবাহিকভাৱে চলি আছে ড্ৰাগছ বিৰোধী অভিযান । প্ৰায় প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযানত সফলতা লাভ কৰি আহিছে নগাঁও আৰক্ষীয়ে (Narcotics seized at Nagaon)। সোমবাৰে পুৱতি নিশা ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰে নগাঁও আৰক্ষীয়ে । নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে ওৰে নিশা চলোৱা অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ (Cartons of narcotics seized in Nagaon) ।

নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ সহযোগত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই নগাঁও চহৰৰ ডিফলুত (SP Leena doley)। ডিফলুৰ পৰাই মধ্য অসমৰ ড্ৰাগছৰ সাম্ৰাজ্যখন নিয়ন্ত্ৰণ কৰি অহা মূল ড্ৰাগছ ব্যৱসায়ী অমলজ্যোতি কলিতাৰ বাসগৃহত অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে কুখ্যাত ড্ৰাগছ মাফিয়াটোক আটক কৰিবলৈ সক্ষম হয় (Drug mafia arrested in Nagaon)।

নিশা নগাঁও আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত ১৩ লাখ কেপচুল, ১৪ হাজাৰ ৮ শটা নিচাজাতীয় ঔষধৰ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয় ।

ধৃত কুখ্যাত ড্ৰাগছ মাফিয়া অমলজ্যোতি কলিতাই বিগত কিছুদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি নগাঁও জিলাৰ উপৰিও হোজাই, মৰিগাঁও আদি জিলাতো ড্ৰাগছৰ ব্যৱসায় চলাই অহা বুলিও আৰক্ষীৰ সূত্ৰত প্ৰকাশ । অৱশেষত নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ মাফিয়াটোৰ ঘাটি একপ্ৰকাৰ উচ্ছেদ কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে, অধিক তথ্যৰ বাবে ধৃত ড্ৰাগছ মাফিয়া অমলজ্যোতি কলিতাক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক:ডিফুত প্ৰায় পোন্ধৰ লাখ টকাৰ হেৰ’ইন জব্দ

Last Updated : Jun 27, 2022, 11:51 AM IST

ABOUT THE AUTHOR

...view details