ETV Bharat / state

ডিফুত প্ৰায় পোন্ধৰ লাখ টকাৰ হেৰ’ইন জব্দ

author img

By

Published : Jun 26, 2022, 10:38 PM IST

Drugs peddler with Heroin arrested by Diphu police
ড্ৰাগছ বিৰোধী দিৱসৰ দিনাই কাৰ্বি আংলং আৰক্ষীৰ কঠোৰ অভিযান

ড্ৰাগছ বিৰোধী দিৱসৰ দিনাই কাৰ্বি আংলং আৰক্ষীৰ কঠোৰ অভিযান (Karbi Anglong police against drugs) ৷ আৰক্ষীয়ে ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন বিলাসী বাহনত তালাচী চলাই 15 টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত বৃহৎ পৰিমাণৰ হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় (Heroin seized in Diphu) ।

ডিফু, 26 জুন : আজি সমগ্ৰ বিশ্বজুৰি মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান অব্যাহত থকাৰ সময়তে কাৰ্বি আংলং জিলা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে এলানি সফল অভিযান চলাবলৈ সক্ষম হয় (Operation against Drugs) । জিলাখনৰ সদৰ চহৰ ডিফুত দেওবাৰে আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইন জব্দ কৰাৰ লগতে মহিলাসহ তিনি‌ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছিল ৷

তাৰ পিছতে সন্ধিয়া ডিলাইত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইনসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । এক গোপন তথ্যৰ ভিত্তিত, সন্ধিয়া প্ৰায় 6 বজাত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুটফুৰ ৰহমানৰ নেতৃত্বত তথা উপ-পৰিদৰ্শক দীপক লাহন, আকাশ গগৈ, সহকাৰী উপ-পৰিদৰ্শক জীতেন গগৈৰ সহযোগত ডিলাই আৰক্ষী আৰু চিআৰপিএফৰ এক যুটীয়া বাহিনীয়ে ডিলাই তিনিআলিত তালাচী অভিযান চলায় ।

ড্ৰাগছ বিৰোধী দিৱসৰ দিনাই কাৰ্বি আংলং আৰক্ষীৰ কঠোৰ অভিযান

অভিযানৰ সময়তে আৰক্ষীয়ে ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন বিলাসী বাহনত তালাচী চলাই 15 টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত বৃহৎ পৰিমাণৰ হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় (Heroin seized in Diphu)। এই জব্দকৃত হেৰʼইনখিনিৰ মূল্য 184.29 গ্ৰাম বুলি জানিব পৰা গৈছে ৷ লগতে জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কমেও প্ৰায় পোন্ধৰ লাখ টকা বুলি অনুমান কৰা হৈছে ।

এই সন্দৰ্ভত আৰক্ষীয়ে নগাঁও জিলাৰ কচুৱা শিঙিমাৰী বজাৰৰ বাহাৰুল ইছলাম (20) নামৰ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Drugs peddler arrested by Diphu police) । লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত হোৱা বিলাসী বাহনখনো জব্দ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Operation against Drugs : বোকাখাত-কলিয়াবৰত ড্ৰাগছ মাফিয়া আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.