ETV Bharat / state

Operation against Drugs : বোকাখাত-কলিয়াবৰত ড্ৰাগছ মাফিয়া আটক

author img

By

Published : Jun 26, 2022, 4:42 PM IST

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান (Operation against Drugs) ৷ শনিবাৰে নিশা এটা ড্ৰাগছ সৰবৰাহকাৰী চুলুং আৰক্ষীৰ জালত পৰাৰ লগতে দেওবাৰে বোকাখাত আৰক্ষীয়ে আটক কৰে 7 টা ড্ৰাগছ সৰহবৰাহকাৰীক ।

Operation against Drugs
বোকাখাত 7 টা আৰু কলিয়াবৰত এটা ড্ৰাগছ মাফিয়া আটক

বোকাখাত/কলিয়াবৰ, 26 জুন : আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱসৰ (International Anti Drug Day) দিনাই বোকাখাত আৰক্ষীৰ সাফলতা ৷ নুমলীগড়ত গাঞ্জা আৰু ড্ৰাগছৰ সৈতে হাতে-লোটে ধৰা পৰে 7 টা ড্ৰাগছ সৰহবৰাহকাৰী (Bokakhat Police detain 7 drugs mafia)। এক গোপন খবৰ ভিত্তিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত এটা দল ড্ৰাগছৰ বিৰুদ্ধে চলাই এক অভিযান ৷

এই অভিযানতে আৰক্ষীৰ দলটোৱে আটক কৰে 7 টা ড্ৰাগছ মাফিয়াক । ইয়াৰে আচিক আলি আৰু আলম আলি ড্ৰাগছ সৰবৰাহৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, আটকাধীন ড্ৰাগছ মাফিয়া দুটাৰ লগত নুমলীগড়ৰ এটা বৃহৎ চক্ৰই দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহ আৰু ব্যৱসায় চলাই আহিছিল ।

বোকাখাত-কলিয়াবৰত ড্ৰাগছ মাফিয়া আটক

আনকি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা এই চক্ৰটোৱে ড্ৰাগছ সৰবৰাহ কৰি নুমলীগড়, বোকাখাত, কহঁৰা আদি ঠাইত চলাই আহিছিল অবৈধ বেহা । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, শীঘ্ৰেই জালত পৰিব ড্ৰাগছৰ ক'লা বেপাৰত জড়িত বহু ৰৌ-বৰালি । ইয়াৰ বাবে বোকাখাত আৰক্ষীৰ এটা বৃহৎ দলে ড্ৰাগছ সন্দৰ্ভত অভিযান তীব্ৰতৰ কৰি তুলিছে ।

ইফালে কলিয়াবৰৰ 1 নং বৰঘূলীত শনিবাৰে নিশা কলিয়াবৰতো স্থানীয় ৰাইজে চলাই এক অভিযান ৷ এই অভিয়ানত বৰঘূলী গাঁৱৰ ৰাইজ মিলি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰে এজন ব্যক্তিক ৷ আটকাধীন ব্যক্তিজনৰ নাম আব্দুল মালেক । তাৰ পাচতে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷

খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰে 1 নং বৰঘূলীৰ আব্দুল মালেকক (Sulung Police detain drugs mafia)।

লগতে পঢ়ক : আজি আন্তঃজাতিক ড্ৰাগছ বিৰোধী দিৱস: জব্দকৃত ড্ৰাগছ দাহন আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.