অসম

assam

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বটদ্ৰৱা থানৰ অনুদান

By

Published : Jul 25, 2019, 3:15 PM IST

Updated : Jul 25, 2019, 7:42 PM IST

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বটদ্ৰৱা থানৰ অনুদান

15:10 July 25

1 লাখ টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ

বটদ্ৰৱা, 25 জুলাইঃ সমগ্ৰ ৰাজ্যতে সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানৰ তাণ্ডৱৰ ফলত অন্ন-বস্ত্ৰ বাসস্থানৰ বাবে হাহাকাৰ কৰি দিশহাৰা হোৱা লোকসকলৰ সহায়ৰ বাবে ওলাই আহিল বটদ্ৰৱা থান পৰিচালনা সমিতি । বটদ্ৰৱা থানৰ পুঁজিৰ পৰা বানাক্ৰান্তক সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ প্ৰদান কৰিলে এক লাখ টকাৰ চেক । বৃহস্পতিবাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, কাৰ্য্যকৰী সভাপতি ভোগেশ্বৰ বৰাকে প্ৰমুখ্য কৰি পৰিচালনা সমিতিৰ সদস্য সকলৰ লগতে বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ উপস্থিতিত মুখ্যমন্ত্ৰীক সৰ্বানন্দ সোণোৱালক প্ৰদান কৰে এই চেক । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে গঠিত শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগত মুখ্যমন্ত্ৰীৰ এক সৌহাদ্য পূৰ্ণ আলোচনাও অনুষ্ঠিত হয় । আলোচনাত বটদ্ৰৱা থান তথা সমগ্ৰ অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ ৰূপৰেখা আৰু চৰকাৰীভাৱে ল'ব লগা পদক্ষেপৰ বিষয়ে এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয় । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বানাক্ৰান্তলৈ আগবঢ়োৱা এই মহান মহানুভৱতাক সকলোৱে একে মুখে শলাগ লৈছে ।

বটদ্ৰৱা থান পৰিচালনা সমিতি


Conclusion:
Last Updated : Jul 25, 2019, 7:42 PM IST

ABOUT THE AUTHOR

...view details