অসম

assam

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল আন এজন অসমীয়া খেলুৱৈ

By

Published : Jan 29, 2022, 4:14 PM IST

Updated : Jan 29, 2022, 7:15 PM IST

হকী খেলুৱৈ মোজাম্মিল অতি পিচপৰা অঞ্চলৰ দৰিদ্ৰতাৰে সৈতে যুঁজি ভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় হকী জগতত নিজৰ সৱল উপস্থিতিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে (Assams Muzammil Haque shines in international event) ৷ দৰিদ্ৰতা আৰু সীমিত সুবিধাৰ মাজতেই মোজাম্মিলে হকীৰ ষ্টিকৰ যাদুৰে সকলো বাধাৰ প্ৰাচীৰ নেওচি পিতৃৰ কান্ধত হাত থৈ আগবাঢ়িছে প্ৰতিষ্ঠাৰ দৌৰত ৷

Another Assamese player show his telented at international level
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল আন এজন অসমীয়া খেলুৱৈ

কলিয়াবৰ, 29 জানুৱাৰী : অসমত প্ৰতিভাৰ অভাৱ নাই । লাগে উপযুক্ত সা-সুবিধা । এনেবোৰ প্ৰয়োজনীয় সা-সুবিধাৰ মাজতে নিজ প্ৰতিভাৰ বলেৰে আগবাঢ়ি গৈছে বহুজন । নিজ প্ৰতিভা আৰু ইচ্ছাশক্তিৰ বলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ জিলিকি উঠিল আন এগৰাকী অসম সন্তান (Assam's muzammil haque shines at International event) । নগাঁও জিলাৰ মাগুৰমাৰীৰ দৰে গ্ৰাম্যাঞ্চলৰ পৰা কঠিন যুঁজত আত্মপ্ৰত্যয়, একাগ্ৰতাৰে ক্ৰীড়া ক্ষেত্ৰখনত জিলিকি উঠিছে মোজাম্মিল হ'ক । তেনেই সীমিত সা-সুবিধা, প্ৰশিক্ষণ আৰু দৰিদ্ৰতাক অতিক্ৰম কৰি জগত জিনাৰ পণ লৈ মোজাম্মিল আগবঢ়িছে সফলতাৰ সেন্দুৰী আলিয়েদি ।

অসমৰ প্ৰেক্ষাপটত প্ৰায় এলাগী হকী খেল । কিন্তু কাৱৈমাৰীৰ নিচিনা ঠাইত গঢ় লৈ উঠা হকী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে মোজাম্মিল । ন বছৰ বয়সৰ পৰা হকীখেলৰে পৰিচিত হৈ পৰা নগাঁও মাগুৰমাৰিৰ মোজাম্মিলে অসম হকী দলৰ হৈ দ্বিতীয় চাব জুনিয়ৰ বয়জ নেচনেল হকী চেম্পিয়নশ্বিপ (ইষ্ট জ'ন), পঞ্চম চাব জুনিয়ৰ নেচনেল চেম্পিয়নশ্বিপ, ষষ্ঠ চাব জুনিয়ৰ নেচনেল হকী চেম্পিয়নশ্বিপ, অষ্টম আৰু নৱম হকী জুনিয়ৰ নেচনেল চেম্পিয়নশ্বিপত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰি প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল আন এজন অসমীয়া খেলুৱৈ

কলকাতাত ছাইৰ তিনিবছৰীয়া প্ৰশিক্ষণ সমাপ্ত কৰা মোজাম্মিলে শেহতীয়াকৈ বাংলাদেশৰ গ্ৰীণ ডেল্টা ইঞ্চিওৰেঞ্চ প্ৰিমিয়াৰ ডিভিজন হকী লীগ(Green Delta Insurance Premier Division Hockey League)তো এগৰাকী খেলুৱৈ হিচাপে অংশগ্ৰহণৰো সুযোগ লাভ কৰে । বাংলাদেশৰ সাধাৰণ বীমা কৰ্পোৰেচন স্পৰ্টিং ক্লাৱৰ এগৰাকী খেলুৱৈ হিচাপে প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হয় মোজাম্মিল । শেহতীয়াকৈ হংকং হকী লীগৰ সৈতেও চুক্তিবদ্ধ হোৱাৰ দিশে মোজাম্মিল । উল্লেখ্য যে, পিতৃয়ে ঘৰৰ মাটি বিক্ৰী কৰিও পুত্ৰৰ উত্তৰণৰ বাবে যোগান ধৰি আহিছে সা-সুবিধা, পুঁজিৰ যোগান ।

লগতে পঢ়ক :Assam Covid 19 Update : পুনৰ 2,861 গৰাকী লোক আক্ৰান্ত হয় ক’ভিডত

Last Updated : Jan 29, 2022, 7:15 PM IST

ABOUT THE AUTHOR

...view details