অসম

assam

Zubeen Garg : বিশ্বকাপত ভাৰতীয় ফুটবল দলক চোৱাৰ আশা জুবিন গাৰ্গৰ

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 10:18 PM IST

বিশ্বকাপত ভাৰতীয় ফুটবল দলৰ অংশগ্ৰহণ চোৱাৰ আশা জুবিন গাৰ্গৰ। স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ জুবিন গাৰ্গ আৰু হিমা দাসৰ ৷

75th Independence Day Cup tournament in Nagaon
75 সংখ্যক স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠান

স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ জুবিন গাৰ্গৰ

নগাঁও, 26 অক্টোবৰ : ফিফা বিশ্বকাপত ভাৰতীয় ফুটবল দলৰ অংশগ্ৰহণ চোৱাৰ সপোন জুবিন গাৰ্গৰ ৷ বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৷ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ শিল্পীগৰাকীৰ ৷

বৃহস্পতিবাৰৰ পৰা নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা ৷ নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত 75 সংখ্যক স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ধিং এক্সপ্ৰেছ হিমা দাসৰ লগতে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ ৷ দেশৰ কেবাটাও ফুটবল দলে অংশগ্ৰহণ কৰা 75 সংখ্যক স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ভাৰতীয় ফুটবল দলে বিশ্বকাপত খেলাৰ আশা কৰা বুলি মত ব্যক্ত কৰে শিল্পী জুবিন গাৰ্গে ৷

উদ্বোধনী খেলখন নগাঁও প্ৰথম ডিভিজন লীগ চেম্পিয়ন ষ্টাৰ স্প’ৰ্টিং ক্লাব আৰু কাছাৰৰ লেনৰুল এফ চিৰ মাজত অনুষ্ঠিত হয় ৷ নগাঁও প্ৰথম ডিভিজন লীগ চেম্পিয়ন ষ্টাৰ স্প’ৰ্টিং ক্লাবে কাছাৰৰ লেনৰুল এফ চিক 3-1 গ’লত পৰাজিত কৰে ৷ খেলখনত ষ্টাৰ স্পৰ্টিং ক্লাবৰ হৈ ব্ৰিয়ান ডস্কী (7মিনিট), অৰুণ তাঁতী (17মিনিট) আৰু লক্ষ্যজ্যোতি দাসে (50মিনিট) ক্ৰমে গ’লকেইটা দিয়াৰ বিপৰীতে লেনৰুল এফ চিৰহৈ হেম্বা থওনাওজামে (23মিনিট) একমাত্ৰ গ’লটো দিয়ে ৷

খেলখন পৰিচালনা কৰাত ৰেফাৰী দুলাল আহমেদক সহায় কৰে পবিত্ৰ বৰা, কল্যাণ বৰুৱা আৰু বিপুল নাথে (চতুৰ্থ) ৷ স্বাধীনতা কাপ ফুটবলৰ মহাৰজত জয়ন্তী উপলক্ষে উদ্ধোধনী অনুষ্ঠানত জুবিন গাৰ্গ আৰু হিমা দাসৰ লগতে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস উপস্থিত থাকে ৷

লগতে পঢ়ক :Mising Olympics : জোনাইত মিচিং অলিম্পিকৰ দ্বিতীয়টো দিন

ABOUT THE AUTHOR

...view details