অসম

assam

Suspected Jihadi arrested: নগাঁৱত গ্ৰেপ্তাৰ হোৱা 5 সন্দেহজনক জেহাদীক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

By

Published : Mar 8, 2023, 10:01 PM IST

নগাঁও আৰু মৰিগাঁৱৰ পৰা 5 সন্দেহজনক জেহাদীক গ্ৰেপ্তাৰ (Suspected Jihadi arrested) ৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা NIA ৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আটাইকেইজনক ৷ পাকিস্তানৰ এজেণ্টক চিমকাৰ্ড যোগান ধৰাৰ অভিযোগ আটাইৰে বিৰুদ্ধে ৷

Suspected Jihadi arrested
নগাঁৱত গ্ৰেপ্তাৰ হোৱা 5 সন্দেহজনক জেহাদীক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

নগাঁৱত গ্ৰেপ্তাৰ হোৱা 5 সন্দেহজনক জেহাদীক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

নগাঁও, 8 মাৰ্চ: ৰাজ্যত পুনৰ চলিছে জেহাদীৰ বিৰুদ্ধে অভিযান ৷ নগাঁৱত জেহাদীৰ সন্দেহত গ্ৰেপ্তাৰ কৰা পাঁচ সন্দেহজনক জেহাদীক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৷ পাঁচ সন্দেহযুক্ত জেহাদীৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ পাঁচ সন্দেহজনক জেহাদীক বুধবাৰে নগাঁৱৰ বিশেষ আদালতত হাজিৰ কৰোৱাৰ পাচতেই নিজৰ জিম্মাত লয় আৰক্ষীয়ে (Suspected Jihadi arrested in Nagaon) ৷

উল্লেখ্য যে, কেন্দ্ৰীয় তদন্তকাৰী সংস্থা NIAৰ তথ্যৰ ভিত্তিত মঙলবাৰে নিশা নগাঁও আৰু মৰিগাঁৱৰ জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জেহাদীৰে জড়িত থকাৰ সন্দেহত আৰু পাকিস্তানৰ এজেণ্টক চিমকাৰ্ড যোগান দিয়াৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল পাঁচজন লোকক ৷ মঙলবাৰে নিশা আটাইকেইজন লোককে জেৰা চলোৱাৰ পাচত বুধবাৰে পুৱা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ জেহাদীৰ সন্দেহত গ্ৰেপ্তাৰ কৰা লোক কেইজন হ’ল আছিকুল ইছলাম, বদৰউদ্দিন, মিজানুৰ ৰহমান, বাহাৰুল ইছলাম আৰু ৱাহিদুজ জামানক (Operation against Jihadi) ।

পাকিস্তানৰ এজেণ্টৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগ উত্থাপন হৈছিল আটাইৰে বিৰুদ্ধে ৷ বুধবাৰে বিয়লি বিশেষ আদালতত হাজিৰ কৰোৱাই আৰক্ষীয়ে 7 দিনৰ জিম্মাত বিচাৰিছিল যদিও 4 দিনৰ জিম্মাত ৰাখিবলৈ অনুমতি প্ৰদান কৰে আদালতে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যত জেহাদীৰ বিৰুদ্ধে ব্যাপক হাৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা আৰু অসম আৰক্ষীয়ে চলাইছিল অভিযান (Jihadi arrested in Assam) ৷ সেই অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল বহুকেইটা জেহাদীক ৷ সমান্তৰালভাৱে ৰাজ্যৰ একাংশ মাদ্ৰাছাত জেহাদীয়ে ঘাটি পতাৰ সন্দেহত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মাদ্ৰাছাত প্ৰশাসনে চলাইছিল উচ্ছেদ ৷ যাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷

লক্ষ্যনীয়ভাৱে, চলিত বৰ্ষৰ জানুৱাৰী মাহতো বৰপেটাত জেহাদীৰ পত্ৰ উদ্ধাৰ হোৱাক লৈ সৃ্ষ্টি হৈছিল চাঞ্চল্যৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ভাবুকি দিয়া হৈছিল সেই পত্ৰখনত ৷

লগতে পঢ়ক:জেহাদী গোচৰৰ বুজ ল'বলৈ গোৱালপাৰাত জি পি সিং

ABOUT THE AUTHOR

...view details