প্ৰদূষণ ৰোধৰ বাৰ্তা বিলাই ভাতৃ-ভগ্নীৰ পদযাত্ৰা - Foot march across India - FOOT MARCH ACROSS INDIA

🎬 Watch Now: Feature Video

thumbnail
প্ৰদূষণ ৰোধৰ বাৰ্তা বিলাই ভাতৃ-ভগ্নীৰ পদযাত্ৰা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 11, 2024 at 10:34 PM IST

1 Min Read
Choose ETV Bharat

ৰঙিয়া,১১ জুন: দুই ভাতৃ-ভগ্নীৰ প্ৰশংসনীয় পদক্ষেপ । হাতত এটকাও নোহোৱাকৈ খোজকাঢ়ি কেদাৰনাথ, বৃন্দাবন আৰু নেপাল ভ্ৰমণৰ লক্ষ্যৰে ডেৰ বছৰীয়া পদযাত্ৰা ভাতৃ-ভগ্নীৰ । ২০ মে'ৰ পৰা লখিমপুৰৰ ঘিলামাৰাৰ পৰা আৰম্ভ কৰিছিল পদযাত্ৰা । এক মহান উদ্দেশ্যৰে যাত্ৰা আৰম্ভ কৰা ভাতৃ-ভগ্নীহাল মঙলবাৰে উপস্থিত হয় ৰঙিয়াত । জীৱনটোত আনে নকৰা কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ জিন্তু বৰুৱা আৰু দীপিকা চুতীয়াৰ ।  

কেইবাটাও উদ্দেশ্য লৈ আৰম্ভ কৰা যাত্ৰাত ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰে দুয়োয়ে । পৰিৱেশ প্ৰদূষণ, জৰুৰীকালীন সেৱাৰ বাহিৰে যান-বাহনৰ চলোৱা বন্ধ কৰি খোজকঢ়াৰ অভ্যাস গ্ৰহণ কৰা, উৎকট গৰমৰ পৰা ৰক্ষা পাবৰ বাবে গছ-গছনি ৰোপণ কৰাৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে ভাতৃ ভগ্নীয়ে । গোটেই দিনটো খোজকাঢ়ি নিশাৰ ভাগত আশ্ৰয় লৈ জিৰণি লয় পুলিচ থানা আৰু পেট্ৰল পাম্পত । দুয়োৰে প্ৰচেষ্টাক আদৰণী জনাই ৰঙিয়াবাসীয়ে ।

লগতে পঢ়ক: A Tour All Over India On Foot: সমাজত সজাগতা অনাৰ উদ্দেশ্যে খোজকাঢ়ি ভাৰত ভ্ৰমণ দুই ভাতৃৰ

Nagaon to Kedarnath journey on foot: 2800 কিলোমিটাৰৰ দূৰত্ব পদব্ৰজে সম্পূৰ্ণ কৰাৰ আশা নগাঁৱৰ পাপ্পুৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details