অসম

assam

Fake gold and currency racket: বৰচলাত নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ৰ লগত জড়িত তিনি অপৰাধীক আটক

By

Published : May 20, 2023, 7:25 PM IST

আৰক্ষীৰ অভিযানত মৰিগাঁৱৰ বৰচলাত নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ৰ লগত জড়িত তিনি অপৰাধীক আটক ৷ ধৃত অপৰাধীকেইটা ক্ৰমে গৰৈমাৰীৰ হজৰত আলী, ওমৰ ফাৰুক আৰু মৌমাৰৰ ৰশ্বিদুল ইছলাম (3 fake gold smugglers in police trap in Morigaon) ৷

Fake gold and currency racket
মৰিগাঁৱৰ বৰচলাত নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ৰ লগত জড়িত তিনি অপৰাধীক আটক

বৰচলাত তিনি অপৰাধীক আটক

মৰিগাঁও, 20 মে’: নকল সোণ আৰু নকল টকাৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police against Fake Gold) । আৰক্ষীৰ কঠোৰ অভিযানত অসমৰ বিভিন্ন জিলাৰ পৰা নকল সোণ আৰু নকল টকাৰ বেহাৰ লগত জড়িত কেইবাটাও অপৰাধী আটক হৈছে আৰক্ষীৰ হাতত ৷ নকল সোণ আৰু টকাৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক অভিযান ৷ আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশৰ পিচতেই তৎপৰ হৈছে অসম আৰক্ষী (Assam Police against Fake Gold) ৷

মৰিগাঁৱতো নকল সোণ আৰু নকল টকাৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ৷ নিশা মৰিগাঁও আৰক্ষীৰ অভিযানত বৰচলাত নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ৰ লগত জড়িত তিনি অপৰাধীক আটক ৷ ধৃত অপৰাধী কেইটা ক্ৰমে গৰৈমাৰীৰ হজৰত আলী, ওমৰ ফাৰুক আৰু মৌমাৰৰ ৰশ্বিদুল ইছলাম (3 fake gold smugglers in police trap in Morigaon) ৷

উল্লেখ্য যে, হজৰত আলী আৰু ওমৰ ফাৰুক নামৰ অপৰাধী দুটাক নকল টকাৰ লগত আৰু ৰাশ্বিদুল ইছলামক নামৰ অপৰাধীটোক নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ বাবে আৰক্ষীয়ে আটক কৰে ৷ নকল সোণ আৰু টকাৰ ব্যৱসায় আৰু সৰবৰাহৰ সৈতে জড়িত থকা তিনিওটা অপৰাধীকে বৰ্তমান বৰছলা আৰক্ষী চকীত সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে (Fake gold and currency racket) ৷

বিগত সময়চোৱাত মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আৰক্ষীয়ে নকল টকা আৰু নকল সোণৰ ব্যৱসায় আৰু সৰবৰাহৰ সৈতে জড়িত প্ৰায় 10 জন ব্যক্তিক আটক কৰিছে ৷ উল্লেখ্য যে বিগত পষেকত মৰিগাঁৱৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত ধৰমতুল, নাৰমাৰী, নেলী আৰু জাগীৰোড আৰক্ষী থানাৰ আৰক্ষীয়ে 11 টাকৈ নকল সোণৰ বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ মনকৰিবলগীয়া যে ইয়াৰে অধিকাংশই লক্ষীমপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নাওবৈচাৰ লোক আছিল ৷ ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধানৰ বাবে আটকাধীন অপৰাধীকেইটাক জেৰা অব্যাহত ৰাখিছে (3 fake gold smugglers Arrested in Morigaon) ৷

লগতে পঢ়ক:Fake gold seized: শোণিতপুৰত আৰক্ষীৰ জালত ১২ নকল সোণ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details