অসম

assam

Eviction in Assam: উচ্ছেদিত লোকে এসপ্তাহৰ ভিতৰত ফচল চপাব লাগিব; ঘোষণ মৰিগাঁও জিলা আয়ুক্তৰ

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 10:12 AM IST

উচ্ছেদিত সকলক কিছু সকাহ অসম চৰকাৰৰ ৷ ফচল চপাব পাৰিব উচ্ছেদিত লোকে ৷ এসপ্তাহৰ ভিতৰত চপাব লাগিব ফচল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাচতে মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাৰ এই ঘোষণা ৷

Eviction in Assam
উচ্ছেদিত লোকে এসপ্তাহৰ ভিতৰত ফচল চপাব লাগিব

উচ্ছেদিত লোকে এসপ্তাহৰ ভিতৰত ফচল চপাব লাগিব

মৰিগাঁও, 14 ছেপ্টেম্বৰ : বুধবাৰে মুখ্যমন্ত্ৰীৰ সৈতে মৰিগাঁও জিলা আয়ুক্তৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ সেই বৈঠকতে মুখ্যমন্ত্ৰীয়ে এক নিৰ্দেশনা প্ৰদান কৰে মৰিগাঁও জিলা আয়ুক্তক ৷ সেই নিৰ্দেশনাৰ পাচতে মৰিগাঁও জিলা ব্ৰহ্মপুত্ৰৰ চৰত চৰকাৰী ভূমিত অবৈধভাৱে কৰা ফচল চপাবলৈ কৃষকক এসপ্তাহৰ দিন ধাৰ্য কৰি দিয়ে জিলা প্ৰশাসনে ৷

মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাই কয় ,‘‘যিসকল কৃষকে চৰকাৰী ভূমিত অবৈধভাৱে খেতি কৰিছিল সেই সকলে ফচল চপাব পাৰিব ৷ কিন্তু এসপ্তাহৰ সময় দিয়া হ’ব ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে মানবীয় দৃষ্টিভংগীৰে চাইছে ৷ যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় ৷ আনহাতে খেতি চপোৱাৰ বাবদ কোনো কৃষকে ভৰিব নালাগে ধন । যাব নালাগে ক’ৰ্ট-কাছাৰীলৈ ।’’

উল্লেখ্য যে, শোণিতপুৰ আৰু দৰং জিলাৰ কেতবোৰ অঞ্চলত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ ফলত সেই সময়ত বাস কৰি থকা লোকসকলে নিজৰ উৎপাদিত ফচল যাতে হেৰুৱাবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷ ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনাৰ পাচতে ফচল চপাবলৈ ৰাইজক অনুৰোধ কৰাৰ লগতে সংশ্লিষ্ট জিলা প্ৰশাসনসমূহে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে জিলা আয়ুক্ত গৰাকীয়ে ।

মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বুধবাৰে এক ভিডিঅ’ বাৰ্তাত যোগে জনোৱা আহ্বান অনুসৰি, উচ্ছেদিত তথা মৰিগাঁও, নগাঁও আদি জিলাৰ বিভিন্ন ঠাইত পুনৰ সংস্থাপিত লোকসকলৰ পৰা কোৰ্ট-কাছাৰীৰ নামত কোনো দুষ্ট চক্ৰই ধন সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে । এনে কথাত ভোল নাযাব ৷ কোনো কাৰণতে ধন নিদিব ৷

লগতে পঢ়ক :Burmese supari seized:মৈৰাবাৰীত জব্দ অবৈধভাৱে কঢ়িয়াই অনা বাৰ্মিজ চুপাৰী

ABOUT THE AUTHOR

...view details