অসম

assam

দুষ্টচক্ৰৰ মূৰৰ কামোৰণি হৈ পৰিছে মৈৰাবাৰী আৰক্ষী

By

Published : Apr 3, 2022, 10:56 AM IST

মৈৰাবাৰী আৰক্ষীৰ অপৰাধমূলক কাৰ্যকলাপ(Moirabari police against all illegal activities)ৰ বিৰুদ্ধে অভিযান অব্যাহত ৷ চৰকাৰে লোৱা কঠোৰ পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে অঞ্চলটোত তীব্ৰ অভিযান চলাই আহিছে ৷

moirabari-police-against-all-illegal-activities
দুষ্টচক্ৰৰ মূৰৰ কামোৰণি হৈ পৰিছে মৈৰাবাৰী আৰক্ষী

ধিং, 3 এপ্ৰিল :ৰাজ্যখনত উদ্বেগজনকভাৱে বূদ্ধি পোৱা বিভিন্ন অসামাজিক আৰু অপৰাধজনিত কাম-কাজৰ বিৰুদ্ধে চৰকাৰে লোৱা কঠোৰ পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে অঞ্চলটোত তীব্ৰ অভিযান চলাই আহিছে(Moirabari police against all illegal activities) ৷

আৰক্ষীৰ এনে কঠোৰ স্থিতি আৰু অভিযানত এতিয়ালৈকে ২৮ জন ড্ৰাগছ সৰবৰাহকাৰী, ১৯ জন জুৱাৰী, ৬ টাকৈ বূহৎ জুৱাৰ ঘাটি উৎখাত হোৱাৰ লগতে দুখন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ তদুপৰি কেইবাজনো বাল্য বিবাহৰ দৰে অপৰাধমূলক কাৰ্যত জড়িত লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে ৷ দিনকদিনে বাঢ়ি যোৱা চাইবাৰ অপৰাধত জড়িত অভিযুক্তও পৰিছে আৰক্ষীৰ জালত ৷ যাৰ বাবে মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী দুষ্টচক্ৰৰ বাবে একপ্ৰকাৰ মূৰৰ কামোৰণি হৈ পৰিছে ৷

দুষ্টচক্ৰৰ মূৰৰ কামোৰণি হৈ পৰিছে মৈৰাবাৰী আৰক্ষী

অঞ্চলটোত চলি থকা জুৱা, মদ, নিচাজাতীয় দ্ৰব্য, ড্ৰাগছ, চুৰি, ডকাইতিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত বৰ্তমান মৈৰাবাৰী প্ৰশাসনৰ সষ্টম পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ যোৱা ২০ ডিচেম্বৰৰ পৰা আজিৰ তাৰিখলৈকে আৰক্ষী বিষয়াগৰাকীৰ তৎপৰতাত ২৮ জন নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱন কৰা লোকক বিভিন্ন গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা বিষয়টো ৰাইজৰ মাজত চৰ্চিত হৈছে ৷

তথ্য মতে ০২/২২ নম্বৰৰ গোচৰত দুই ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱাৰ পাছত ০৬/২২ নম্বৰ ১৮/২১/৪৬/৫৫/২২ নম্বৰৰ গোচৰত এজনকৈ মুঠ ৫ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে মৈৰাবাৰী আৰক্ষীয়ে ৷ একেদৰে ৬১/৬৩/৬৭/৭১/৭৭/৮১/২২ নম্বৰৰ গোচৰত ১১ জন ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱন কৰা লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ৷ সেইদৰে আৰক্ষী বিষয়াগৰাকীৰ অবিৰতভাৱে চলোৱা অভিযানত অঞ্চলটোৰ পৰা ৬ টা বূহৎ জুৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় ৷ এই জুৱাৰ ঘাটিত নগাঁও, মৰিগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা জুৱাৰীসকল আহি জুৱাত অংশগ্ৰহণ কৰি পৰিৱেশ বিনষ্ট কৰিছিল ৷

মৈৰাবাৰী আৰক্ষী থানাৰ ৫১৬/২১ নম্বৰৰ গোচৰত আটক কৰা তিনি জুৱাৰী জেললৈ প্ৰেৰণ কৰাৰ পাছত পূথক পূথকে হোৱা ১৭/৪৩/৪৭/৫৯/৬৬/৮০/২২ নম্বৰৰ গোচৰত মুঠ ১৬ জন জুৱাৰী গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ ইয়াৰ উপৰিও বাল্য বিবাহৰ দৰে কাৰ্যত জড়িত দৰা সহ তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে ৷ ইপিনে মৈৰাবাৰীত অতি চোৰাংকৈ বিলাতী মদ বিক্ৰী কৰা দুষ্টচক্ৰৰ লোকসকলৰ ঘাটি উৎখাত কৰে মৈৰাবাৰীৰ আৰক্ষীয়ে ৷

লক্ষণীয় বিষয় যে, মৈৰাবাৰী আৰক্ষী থানাত যোৱা তিনিমাহ পূৰ্বে যোগদান কৰা আৰক্ষী বিষয়া চাবিৰ আলীৰ তৎপৰতাত বৰ্তমান মৈৰাবাৰী অঞ্চলটোত এক সুস্থ তথা উন্নত পৰিৱেশৰ সৃষ্টি হোৱাৰ উপৰিও অপৰাধজনিত আৰু অসামাজিক কাৰ্যকলাপ বহু পৰিমাণে হ্ৰাস পোৱাত সাধাৰণ গাঁৱলীয়া নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা যথেষ্ট পৰিমাণে সুৰক্ষিত হোৱা পৰিলক্ষিত হৈছে বুলি ৰাইজে মন্তব্য কৰে ৷

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত অসমৰ বিভিন্ন ঠাইত এনকাউন্টাৰকে ধৰি বিভিন্ন অপৰাধী চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰম্ভ হোৱাৰ সমান্তৰালভাৱে মৈৰাবাৰীতো আৰক্ষী প্ৰশাসনে অপৰাধীৰ বিৰুদ্ধে থমকি ৰোৱা নাই ৷ কিন্তু থানাখনৰ আৰক্ষী বিষয়াগৰাকীৰ এনে তৎপৰতা কিমানদিনলৈ অটুট থাকে, সেয়াহে লক্ষণীয় হ’ব ৷

লগতে চাওক:মহাবিস্ফোৰণ: ৰিপুণ বৰাৰ পৰা ১ কোটি ৬০ লাখ লৈছিল AIUDF এ

ABOUT THE AUTHOR

...view details