অসম

assam

মৰিগাঁৱত এদিনীয়া দন্ত আৰু মুখ-স্বাস্থ্য প্ৰশিক্ষণ শবিৰ

By

Published : Nov 21, 2020, 9:09 PM IST

মৰিগাঁৱৰ ৰাষ্ট্ৰীয় মুখ-স্বাস্থ্য আঁচনি আৰু জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আয়োজন কৰা হয় এদিনীয়া দন্ত আৰু মুখস্বাস্থ্য প্ৰশিক্ষণ শিবিৰ ৷ এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে জিলাখনৰ প্ৰায় অৰ্ধ শতাধিক এম পি ডাব্লিউ ৷

As_mrg_dental_oral_health_training_img_as10005
মৰিগাঁৱত এদিনীয়া দন্ত আৰু মুখস্বাস্থ্য প্ৰশিক্ষণ শবিৰ

মৰিগাঁও, 21 নৱেম্বৰঃ শনিবাৰে মৰিগাঁৱত অনুষ্ঠিত কৰা হয় এদিনীয়া দন্ত আৰু মুখ-স্বাস্থ্য প্ৰশিক্ষণ শিবিৰ ৷ মৰিগাঁৱৰ ৰাষ্ট্ৰীয় মুখ-স্বাস্থ্য আঁচনি আৰু জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু মুখ্য স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ সৰকাৰৰ সহযোগত প্ৰায় অৰ্ধ শতাধিক এম পি ডব্লিউক প্ৰদান কৰা হয় এই প্ৰশিক্ষণ ৷

মৰিগাঁৱত এদিনীয়া দন্ত আৰু মুখ-স্বাস্থ্য প্ৰশিক্ষণ শবিৰ

মৰিগাঁও পবিতৰাহাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰত দাঁত আৰু মুখৰ স্বাস্থ্য, ইয়াৰ যতন তথা ৰোগৰ লক্ষণৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় অসম ৰাজ্যিক নডেল চিকিৎসক বিষয়া ডাঃ ৰুবী বৰকটকীয়ে ৷ সমান্তৰালকৈ অমৰজ্যোতি ডেকায়ো এম পি ডব্লিউ তথা চিকিৎসাকৰ্মীসকলক মুখৰ স্বাস্থ্য সন্দৰ্ভত বিস্তৃতভাৱে বাখ্যা কৰে ৷

লগতে পঢ়ক-বেংক ডকাইতিৰ বুজ ল’লে ডিআইজি ব্ৰজেনজিৎ সিনহাই

ABOUT THE AUTHOR

...view details